চলিত সংসদৰ অধিৱেশনতে জনজাতিকৰণ কৰক -কোচ ৰাজবংশী জাতীয় পৰিষদ

২৩ মাৰ্চত বঙাইগাঁও চহৰত অৱস্থান ধৰ্মঘট

অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ধোঁৱা চাঙত তুলি থৈ উভয় চৰকাৰে জনজাতিকৰণ কৰিম বুলি আসৈ মাতি এতিয়া কৰ্দয্য ৰাজনৈতিক খেল খেলি জনগোষ্ঠীকেইটাৰ জাতীয় অনুভূতিত চৰমভাবে কুঠাৰাঘাত কৰি জনজাতিকৰণ বিষয়টোকে নি:শেষ কৰাৰ ব্লু প্ৰিণ্ট ৰচনা কৰা বুলি কোচ ৰাজবংশী জাতীয় পৰিষদে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

চিৰাং জিলাৰ বিজনী জাৰ্ণেলিষ্ট ফ’ৰামত অনুষ্ঠিত কৰা এক সংবাদমেলত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু সহকাৰী সাধাৰণ সম্পাদক জগন্নাথ ৰায়ে তীব্ৰ বিষোদগাৰ কৰি কয় যে ‘কা’ বিৰোধী আন্দোলন আৰু ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে ভোটৰ ৰাজনীতিৰে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক খৰখেদাকৈ ৰাজ্য সভাত উত্থাপন কৰাৰ পিছতে জনজাতিকৰণ সমস্যা সমাধানৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰী মণ্ডলীৰ অধ্যক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মাই বিভিন্ন অজুহাত দেখুৱাই জনজাতিকৰণৰ প্ৰতিবেদন আজিলৈকে কেন্দ্ৰীয় চৰকাৰক দিয়াৰ পৰা বিৰত থাকি জনগোষ্ঠী কেইটাক আভুৱা ভাৰি প্ৰতৰণা কৰিব বিচাৰিছে ।

কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোৰ পৰা আঁতৰাই ৰখাৰ এক অভিসন্ধি কৰি কেএচিৰ কেইগৰাকীমান তথাকথিত বিষয় বাবক ধনে জনে সহায় কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন আক্ৰাছুক ভিভাইড এণ্ড ৰুল পলিচিৰে ভাগ ভাগ কৰি নিজৰ কুক্ষিগত কৰি এক নীচ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে । ফলশ্ৰুতিত কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতি কৰণৰ দাবীৰ আন্দোলন স্তিমিত হৈ পৰিছে ।

কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ বিকল্প নহয় আৰু পুতুলা সদৃশ কেএচিৰ দুই এক চৰকাৰৰ মদতপুষ্ট পদবীধাৰীৰ জৰিয়তে জনজাতিকৰণ আৰু কমতাপুৰ আন্দোলনৰ গতি ৰোধ কৰিব বিচাৰিলেও চৰকাৰ সেই উদ্দেশ্যত কেতিয়াও সফল নহয় ৷ নেতাত্ৰয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰত ডাবল ইঞ্জিন চৰকাৰ থকা সত্বেও দৃঢ় পদক্ষেপ লৈ নিৰ্বাচৰ কালচোৱাত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যৰ কথা বুলি আক্ষেপ কৰে ।

নেতাত্ৰয়ে সংবাদমেল যোগে সজোৰে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যিমানেই যি নকৰক কিয় কোচ ৰাজবংশী জনগোষ্ঠীক নিজৰ প্ৰাপ্য অধিকাৰ এদিন নহয় এদিন দিবই লাগিব । জনজাতিৰ স্বীকৃতি আৰু কমতাপুৰ ৰাজ্য পোৱাতো কোচ ৰাজবংশী জনগোষ্ঠীৰ জন্মগত অধিকাৰ আৰু ঐতিহাসিকভাবে সত্য ৷

ইপিনে অসম আৰু কেন্দ্ৰীয় চৰকাৰে চলিত কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশনতে জনজাতিকৰণ বিধেয়ক উভয় সদনতে গৃহীত কৰি জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ লগতে ১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে তদানীন্তন ভাৰত চৰকাৰ আৰু কোচ কমতাৰ মাজত সম্পাদিত মাৰ্জাৰ এগ্ৰিমেন্টৰ প্ৰতি সন্মান জনাই স্বাধীনোত্তৰ সুদীৰ্ঘ কালে ভাৰত চৰকৰে বঞ্চিত কৰি ৰখা জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰ ঘুৰাই দিয়াৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদে অহা ২৩ মাৰ্চত বঙাইগাঁও চহৰত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে এলানি দীঘলীয়া গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱা বুলিও সংবাদমেল যোগে ঘোষণা কৰে ।

আন্দোলন বিনে কোচ ৰাজবংশীসকলে একো নাপায় বুলি অনুকিয়াই কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিং ৰায়ে বিধায়ক অখিল গগৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা অতিশীঘ্ৰে সমাধা কৰিব লাগে বুলি চলিত অসম বিধানসভাৰ মজিয়াত বক্তৃতা ৰখা বাবে ধন্যবাদ জনাই জনজাতিকৰণৰ বিষয়টো সমাধানৰ সম্পৰ্কত বিৰোধী বিধায়ক সকলোৰ নিৰ্লিপ্ততাক চোকা সমালোচনা কৰে ৷

বিশ্বজিৎ ৰায়ে অচিৰেই অসমত খালি হ’ব লগা ৰাজ্যসভাৰ আসনত এজন উপযুক্ত কোচ ৰাজবংশী ব্যক্তিক মনোনীত কৰিবলৈ শাসকীয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বন জনায় । সংবাদমেল যোগে বিশ্বজিৎ ৰায়ে অতিশীঘ্ৰে কেএলঅ’ৰে শান্তি আলোচনা কৰিবলৈ অসম আৰু কেন্দ্ৰীয় চৰকাৰক অহ্বান জনায়। সাংবাদ মেলত জাতীয় পৰিষদৰ কেন্দ্ৰীয় সদস্যা পূৰ্ণিমা বৰ্মনো উপস্থিত আছিল।