এইবাৰ আমি কেৱল আক্ৰাছুৱে অকলে আন্দোলন নকৰো ৷ বৰং এইবাৰ কোচ ৰাজবংশী জাতিৰ যিমানবোৰ দল – সংগঠন আছে আমি সকলোৱে এটা মঞ্চত উপনীত হৈ আমাৰ জাতিৰ স্বাৰ্থত আৰু জনজাতিকৰণৰ স্বাৰ্থত একত্ৰিতহৈ বিজেপি চৰকাৰক ওফোৰাই দিয়াৰ কাৰণে ঐক্যবদ্ধ সংগ্ৰাম কৰিম ৷ এই মন্তব্য আক্ৰাছুৰ নেতৃত্বৰ ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই এই মন্তব্য কৰে ৷
উল্লেখ্য যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীকলৈ বিজেপি নেতৃত্বাধীন চৰকাখনে শেহতীয়াভাৱে লোৱা ভূমিকাক লৈ সৰৱ হৈ পৰিছে আক্ৰাছু ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সাধাৰণ সম্পাদক কপিল দেৱ সিংহই দেওবাৰে অনুষ্ঠিত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত চৰকাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ সকলো দল – সংগঠনক লৈ এখন ঐক্য মঞ্চ গঠন কৰি আন্দোলন গঢ়ি তোলাৰ ওপৰত অধিক গুৰুত্বাৰোপ কৰা বুলি কয় ৷
লগতে এই সন্দৰ্ভত চলিত ছেপ্টেম্বৰ মাহৰ শেষৰফালে এখন সভা অনুষ্ঠিত কৰি সভালৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দল- সংগঠনক আমন্ত্ৰণ জনাই এই সভাতেই ঐক্য মঞ্চ গঠন কৰি এইবাৰ চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিয়াৰ লগতে জনগোষ্ঠীটোৰ যি জনজাতিকৰণৰ প্ৰাপ্য সেয়া চৰকাৰৰ পৰা আদায় কৰিহে এৰিব বুলিও হুংকাৰ দিয়ে ৷ কাৰণ বাৰম্বৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব আৰু বাৰম্বাৰ প্ৰতাৰণা কৰিব, এইবোৰ আৰু নচলিব বুলিও স্পষ্ট কৰি দিয়ে ৷ আনহাতে কাৰ্যনিৰ্বাহক সভাত জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ আন্দোলনলৈ আক্ৰাছুৱে পূৰ্ণ সমৰ্থন আগবঢ়়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷
সেই অনুসৰি অহা ২২ ছেপ্টেম্বৰত বিধান সভা ঘেৰাও আৰু ২৬ ছেপ্টেম্বৰৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচীলৈ আক্ৰাছুই পূৰ্ণ সমৰ্থন জনোৱা বুলি সংবাদ মেলত সংগঠনটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকে সদৰি কৰে ৷ সংবাদ মেলত সভাপতি আৰু যুটীয়া সাধাৰণ সম্পাদকদ্বয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত দেশৰ পাঁচখন ৰাজ্যৰ বাৰটাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে আক্ৰাছুৱে তাক আদৰণি জনাই কয় যে ইয়াৰ বিপৰীতে কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে চৰকাৰে অসমৰ ভূমিপুত্ৰ কোচ ৰাজংশীসকলৰ জনজাতিকৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ আজিৰ পৰা দুবছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্য অধিৱেশনৰ কাৰ্যক্ৰমণিকাত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো উল্লেখ কৰিছিল যদিও সংসদত বিষয়টো আলোচনা নকৰাকৈ এৰাই চলিলে ৷
ইয়াৰোপৰি অসমৰ মন্ত্ৰীকলৈ গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে দিছিল যদিও আজি পৰ্যন্ত অসম চৰকাৰে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল নকৰিলে ৷ এই কথাবিলাকৰ পৰা এইটো স্পষ্ট হৈ উঠিছে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ আবেগ – অনুভূতিকলৈ খেল খেলা বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীকলৈ চিন্তিত নহয় ৷ সেয়ে আগন্তুক দিনত কোচ ৰাজবংশী ছাত্ৰ সন্থাই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷
চৰকাৰৰ সৈতে আভুৱা ভাৰা আলোচনা কেতিয়াও নহ’ব বুলিও সকিয়াই দিয়ে ৷ লগতে অক্টোৱৰ মাহৰ প্ৰথম সপ্তাহত এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সংগঠনটোৱে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদ মেলত উল্লেখ কৰে আক্ৰাছুৰ নেতাদ্বয়ে ৷ সংবাদ মেলত আক্ৰাছুৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷