পৃথক কমতাপুৰৰ দাবীৰে কলিয়াবৰত কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিপুল প্ৰতিবাদ

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ লগতে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকলে আজি কলিয়াবৰ মহকুমাৰ সন্মুখত ১১ বজাৰ পৰা ২ বজালৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়াৰ লগতে আগন্তুক ২০২১ ৰ নিৰ্বাচনৰ আগতে কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ দাবী অনুসৰি ৰাজ্যৰ উন্নয়ন সাধন কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰখনে ঘৰীয়ালৰ চকুপানী টুকি সদ্যসমাপ্ত বর্ষাকালীন অধিবেশনত কোঁচ ৰাজবংশী সকলক যি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক গৃহীত কৰিলে তাক মানি লব পৰা নাই সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই ৷

সমগ্ৰ অসমৰ কোঁচ-ৰাজবংশী সকলক এলাগী কৰি মাত্ৰ চাৰি খন জিলাৰ কিছু অংশলৈ পৰিষদ গঠন কৰি কোঁচ-ৰাজবংশী সকলক বিভাজন কৰাৰ অভিযোগ সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ।

আনহাতে, কোঁচ-ৰাজবংশী সকলৰ এইসমূহ দাবী প্ৰতি যদি চৰকাৰে কোনোধৰণৰ সন্মতি নজনাই তেন্তে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। লগতে আগন্তুক ২১ৰ নিৰ্বাচনৰ আগত যদিহে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ লগতে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠন নকৰে তেন্তে ইয়াৰ প্ৰত্যুত্তৰ ২০২১ ৰ নিৰ্বাচনত বিজেপি চৰকাৰে নিশ্চয় পাব বুলি মত প্ৰকাশ কৰে কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয় ববীয়াই।

তদুপৰি, কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ এই প্ৰতিবাদৰ সমৰ্থন জনাই কলিয়াবৰৰ কেইবাগৰাকীও সমাজ সেৱক তথা কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰি কোঁচ ৰাজবংশী সকলৰ বিভিন্ন দাবীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে।

ইয়াৰ ভিতৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰী, অসম প্ৰদেশ কৃষাণ কংগ্ৰেছৰ অধ্যক্ষ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ , কংগ্ৰেছ কৰ্মী প্ৰশান্ত শইকীয়া , প্ৰদীপ বৰুৱা ,যতীন বৰাই অন্যতম।