বঙাইগাঁৱত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ ধৰ্মঘট

আগন্তুক লোক সভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে নিৰ্বাচনত বিজেপি দলক প্ৰত্যাহ্বান জনোৱাৰ হুংকাৰ

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশীসকলোক অতিশীঘ্ৰে ভৈয়াম জনজাতিৰ তালিকাভুক্ত কৰাৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদে বঙাইগাঁৱৰ দোলাইগাও মাজপাৰাস্থিত জনতা ক্লাবৰ সন্মুখত এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে মোদী চৰকাৰ হায় হায়, এছ টি আমাক লাগিবই, ন এছ টি ন ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, ন কমতাপুৰ ন ৰেষ্ট, বিজেপি চৰকাৰ গ’ বেক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা কোচ ৰাজূংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্যত অধিস্থিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ লোক সভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনৰ সময়ত বাতৰি কাকতৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে বিভিন্ন ৰাজহুৱা সভাত বিজেপি দলে ঘোষণা কৰিছিল যে কেন্দ্ৰ আৰু ৰাজ্যত যদি বিজেপি চৰকাৰ হয় তেন্তে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিব ৷

পিচে কেন্দ্ৰত বিজেপি চৰকাৰ অধিস্থিত হোৱাৰ দুটা কাৰ্যকাল হ’ল আৰু অসমতো বিজেপি চৰকাৰখন দ্বিতীয়টো কাৰ্যাকালৰ বাবে শাসনভাৰ চলাই আছে ৷ কিন্তু এই মুহুৰ্তলৈকে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে আৰ্হি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক যি প্ৰতিবেদ দাখিল কৰাৰ কথা আছিল সেই প্ৰতিবেদ আজিলৈকে প্ৰেৰণ নকৰিলে ৷ ইয়াৰ পৰা প্ৰমাণ হ’ল যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা আৰু বঞ্চনা কৰিছিল ঠিক একেদৰেই কংগ্ৰেছৰ সুৰত সুৰ মিলাই আজি বিজেপি চৰকাৰখনেও কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা আৰু বঞ্চনা কৰিলে ৷

তেওঁলোকে কেএচি আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ দি কোচ ৰাজবংশীসকলক সন্তুষ্ট কৰিবলৈ বিচাৰিছে ৷ কিন্তু আমি পূৰ্বেই স্পষ্ট কৰিছো যে কেএচি আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ জনজাতিকৰণ আৰু কমতাপুৰৰ বিকল্প নহয় ৷ যেতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদা নাপাও আৰু কমতাপুৰৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধানৰ ব্যৱস্থা নকৰিব তেতিয়ালৈকে আমি এখজো পিচুৱাই নাহো ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাক আমি মুকলিকৈ প্ৰশ্ন কৰিছো যে – আপুনি নিজে মন্ত্ৰী গোটৰ অধ্যক্ষ আৰু ছয় জনগোষ্ঠীৰ মডেলিটীৰ আৰ্হি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি যোৱা কাৰ্যকালৰ সময়চোৱাত কৈছিল ৷ কিন্তু আজি দুবছৰ অতিবাহিত হ’বলৈ বেছি দিন নাই যদিও আজিলৈকে প্ৰতিবেদন প্ৰেৰণ কৰা নাই ৷ শেহতীয়াভাৱে লোক সভাৰ অধিৱেশন আৰু অসম বিধান সভাৰ অধিৱেশনত সকলো স্পষ্ট হৈ পৰিছে ৷

আপুুনি যদি ভাৱিছে পূৰ্বে যেনেকৈ আপোনালোকে নিৰ্বাচন বিলাকত কোচ ৰাজবংশী দুই এজন তথাকথিত নেতাক টকা- পইচাৰে কিনি জনগোষ্ঠীটোৰ জাতীয় সমস্যাটোক ঢাকি ৰাখিছে আৰু এইবাৰো লোক সভা নিৰ্বাচনত কোচ ৰাজবংশী কোনোবা সংগঠনৰ নেতাক টকা – পইচাৰে কাবু কৰি জনগোষ্ঠীটোক প্ৰতাৰণা কৰিম তেতিয়াহলে স্পষ্ট কথা যে কোনো নেতাই যদি এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা আৰু বঞ্চনা কৰে এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই তেওঁলোকৰ পিঠি ফালি দিব ৷ আমি কাকো ঠিকা দিয়া নাই যে কোনো নেতাই মন্ত্ৰী- বিধায়কৰ ড্ৰয়িং ৰূমত বহি তেওঁলোকে জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰি থাকিব আৰু আমি তেওঁলোকক ঠিকা দিয়াৰ নিচিনাকৈ তেওঁলোকৰ মুখলৈ চাই থাকিম এইটো নহ’ব ৷

এইবাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ৷ কোনো নেতা, কোনো দল -সংগঠনে এইবাৰ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় আবেগ-অনুভূতিক কোনো ৰাজনৈতিক দল বা মন্ত্ৰী – বিধায়কৰ ওচৰত বিক্ৰী কৰে তেতিয়াহলে তেওঁলোকৰ বিৰুদ্ধে আমি তীব্ৰতৰ আন্দোলন কৰিম ৷

আনহাতে যদি ২০২৪ চনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে তেতিয়াহলে আমি স্পষ্ট কৰি দিছো যে বিজেপি দলত যিসকল কোচ ৰাজবংশী লোক আছে তেঁওলোকে স্বতঃস্ফূতভাৱে ওলাই আহিব লাগে আৰু জনগোষ্ঠীটোৰ স্বাৰ্থত কেএচি বা কমতাপুৰ উন্নয়ন পৰিষদৰ নেতাসকলেও পদত্যাগ কৰি ৰাজপথলৈ ওলাই আহিব লাগে ৷ লগতে আগন্তুক লোক সভা নিৰ্বাচনৰ পূৰ্বে যদি জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে তেতিয়াহলে আমি নিৰ্বাচনত বিজেপি দলক প্ৰত্যাহ্বান জনাবলৈ সাজু আছো বুলিও কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনকে ধৰি অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে ৷