NORTHEAST NOW (Assamese)

কোচ ৰাজবংশী সাহিত্য পৰিষদ গঠন

September 22, 2022 7:56 am · প্ৰণৱ কুমাৰ ডেকা, বঙাইগাওঁ

কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনৰ সভাপতিত্বত বঙাইগাঁও জিলাৰ দোলাইগাওঁস্থিত জনতা ক্লাৱৰ প্ৰেক্ষাগৃহত এখন কোচ ৰাজবংশী জাতীয় অভিৱৰ্তন অনুষ্ঠিত হয়।

বাসুগাওঁ, সৰভোগ, চিৰাং, বিজনী, মানিকপুৰ, অভয়াপুৰী, গোৱালপাৰা, কৃষ্ণাই, বইটামাৰী, বঙাইগাঁৱৰ পৰা অহা প্ৰায় দুই শতাধিক বিশিষ্ট সাহিত্যক, শিক্ষাবিদ, সমাজ কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা জাতীয় অভিৱৰ্তনে কোচ ৰাজবংশী ভাষা, সাহিত্যৰ বিকাশ, বিস্তাৰ, উন্নয়ন, অধ্যয়ন আৰু গৱেষণাৰ বাবে কোচ ৰাজবংশী সাহিত্য পৰিষদ গঠনৰ বাবে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত কৰে।

কোচ ৰাজবংশী বিশিষ্ট সাহিত্যিক তথা কোচ ৰাজবংশী অভিধান প্ৰণেতা শৈলেন্দ্ৰ নাৰায়ণ চৌধুৰী উপস্থিত থকা জাতীয় অভিৱৰ্তনে উত্তৰ শালমাৰা (কাকৈজানা) ৰ বিশিষ্ট সাহিত্যিক শশীভূষণ ফৌজদাৰৰ নাতি তথা বিশিষ্ট ব্যক্তি অমৃত ভূষণ ফৌজদাৰক সভাপতি, নৃপেন চন্দ্ৰ ৰায়( সৃজনগ্ৰাম) আৰু মানিক দত্ত (বিজনী)ক কাৰ্যকৰী সভাপতি, যুধিষ্ঠিৰ পাঠক(সৃজনগ্ৰাম), ড° ৰাণু ৰায় (বৰপাৰা), হিতেশ বৰ্মন (সিদলসতী), অমৃত ৰায়ক উপ সভাপতি, অভয়াপুৰীৰ উপেন বৰুৱাক প্ৰধান সম্পাদক, বিমলেন্দু বৰ্মন (বইটামাৰী), উমেশ সৰকাৰ (পঞ্চপুৰ), শকুন্তলা চৌধুৰী ( বঙাইগাঁও) আৰু চৰিত চন্দ্ৰ পাঠক (অভয়াপুৰি)ক সম্পাদক আৰু মনুচাঁদ সিংহ (বৰ্ষণগাওঁ) আৰু চিত্তৰঞ্জন ৰায় (সৃজনগ্ৰাম) ক সাহিত্য সম্পাদক হিচাপে লৈ ৩১ জনীয়া কোচ ৰাজবংশী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কমিটিখন গঠন কৰে ৷

Related News