অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলেও ৰক্তাক্ত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে- কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী

কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাম্ভাব পৰিস্থিতি ৰক্তাক্ত হোৱাৰ যি ভৱিষ্যৎবাণী কৰিছে তাক সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে গৰিহণা দিছে ৷

এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই কয় যে যদি কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে আগন্তুক দিনত অসমৰ পৰিস্থিতি ৰক্তাক্ত হোৱাৰ সম্ভাৱনা আছে, ঠিক তেনেদৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলেও ৰক্তাক্ত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷

নেতৃত্বই বিবৃতিটোত ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰকে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত বহুৱাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰে যদিও স্পৰ্শকাতৰ এই বিষয়টোক লৈ উভয় চৰকাৰে হেতালি খেলি থাকে বুলি উল্লেখ কৰে ৷

লগতে যি সময়ত ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিছিল, সেই সময়ত দেশৰ এচাম জনগোষ্ঠীয় মূলৰ লোক সকলক সুবিধা প্ৰদান কৰা আৰু আন এচাম জনগোষ্ঠীয় মূলৰ লোকসকলক মাহী আইৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে ৷

দেশৰ গণতন্ত্ৰ ব্যৱস্থাৰ প্ৰতি এয়া চৰম ভাবুকি ৷ অসম চৰকাৰৰ আগন্তুক গ্ৰীষ্মকালিন অধিৱেশনৰ আগতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সংগঠনটোৰ নেতৃত্বই পুনৰবাৰ দাবী জনায় ৷

অন্যথা জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে বিবৃতিটোত ৷