এটা ইনিংছেৰে দুটা ৰেকৰ্ড কোহলীৰ; প্ৰথমে ৫১ বছৰীয়া আৰু পিছত ধোনীৰ এটা ৰেকৰ্ড ভংগ

ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত এডিলেইডত চলি থকা ছিৰিজৰ প্ৰথমখন টেষ্টৰ আৰম্ভণিৰ দিনটোত ভাৰতে প্রথম ইনিংছত সংগ্রহ কৰে ৬ উইকেটত ২৩৩ ৰান৷

ভাৰতৰ বাবে আৰম্ভণি সুখকৰ নাছিল কিয়নো দ্বিতীয়টো বলতে পৃথ্বী শ্ব আৰু দলীয় স্ক’ৰ ৩২ ৰানত আনগৰাকী অ’পেনাৰ মায়ংক আগৰৱাল (১৭) আউট হৈছিল।

কিন্তু ইয়াৰ পিছত অধিনায়ক বিৰাট কোহলীয়ে দুটাকৈ অর্ধ-শতৰানৰ যুটি বান্ধি দলক বিপৰ্যয়ৰ পৰা কিছু পৰিমানে সকাহ দিয়ে।

প্রথমে চেতেশ্বৰ পূজাৰাৰ (৪৩) সৈতে ৬৮ ৰান আৰু পাছত আজিংক্য ৰাহানেৰে (৪২) সৈতে আন এক ৮৮ ৰানৰ যুটি বান্ধে।

শতকৰ দিশে আগবাঢ়ি থকা কোহলীয়ে দুৰ্ভাগ্যপূৰ্ণভাৱে এৰিবলগীয়া হয় ক্ৰিজ। ৰাহানেৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে তেওঁ ৰানআউট হয়।

৭৪ ৰান কৰি পেভেলিয়নলৈ উভতিলেও কিন্তু অধিনায়ক হিচাপে কোহলীয়ে দুটাকৈ অনন্য কৃতিত্বৰ অধিকাৰী হয়।

ভাৰতৰ প্ৰাক্তন অধিনায়ক টাইগাৰ পটৌডিৰ নামত থকা এটা ৫১ বছৰীয়া ৰেকৰ্ড ভংগ কৰে কোহলীয়ে। ইয়াৰ উপৰি কোহলীয়ে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰো এটা ৰেকৰ্ড ভংগ কৰে।

আচলতে কালিৰ এই ইনিংছটোৰ পিছতেই অধিনায়ক হিচাপে কোহলী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত সৰ্বাধিক ৰান বনোৱা বেটছমেন হিচাপে পৰিগণিত হয়।

কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই পৰ্যন্ত সৰ্বাধিক ৮৫১ ৰান সংগ্ৰহ কৰিছে। আনহাতে পটৌডিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০ খন মেচত ৮২৯ ৰান বনাইছিল।

ইয়াৰ উপৰি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিতো অধিনায়ক হিচাপে কোহলীয়ে মহেন্দ্ৰ সিং ধোনীৰ নামত থকা সৰ্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড ভংগ কৰে।

ধোনীয়ে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিত ৮১৩ ৰান বনাইছিল।