NORTHEAST NOW (Assamese)

বিৰাট কোহলীৰ শৰীৰত আছে ১১ টা টেটু : প্ৰত্যেকটোৰে আছে বিশেষ অৰ্থ; জানো আহক

March 9, 2025 4:24 pm · এন ই নাও নিউজ, গুৱাহাটী

সকলো চেলিব্ৰেটিৰেই থাকে নিজা নিজা ফেশ্যন। সেই ফেশ্যন অনুসৰণ কৰে তেওঁলোকৰ অনুৰাগীসকলে। ‎বহু দৰ্শকে তেওঁলোকৰ ষ্টাইল আৰু গ্ৰুমিংৰ বিষয়ে জানি তেওঁলোকৰ দৰে সাজ-পোছাক পৰিধান কৰিব ‎বিচাৰে। ‎

তেনে এজন জনপ্ৰিয় চেলিব্ৰেটি হৈছে ক্ৰিকেটাৰ বিৰাট কোহলী। জনপ্ৰিয়তাৰ ক্ষেত্ৰতেই হওক বা ধন-‎সম্পত্তিৰ ক্ষেত্ৰতেই সকলোতে তেওঁ আন বহু তাৰকাতকৈ আগবাঢ়ি আছে। ‎

বিৰাট কোহলীৰ শৰীৰত আছে ১১ টা টেটু। এই টেটুবোৰে আকৰ্ষণ কৰে অনুৰাগীসকলক। কিন্তু এই ‎টেটুবোৰৰ প্ৰত্যেকটো টেটুৰে আছে নিৰ্দিষ্ট অৰ্থ।

এই প্ৰতিবেদনত এই বিভিন্ন টেটুৰ অৰ্থৰ বিষয়ে আলোচনা কৰা হৈছে। এই টেটুত আছে ‘গডছ আই’ টেটু। ‎যিয়ে দেখুৱাইছে যে ঈশ্বৰ সদায় কোহলীৰ লগত থাকে। লগতে কোহলীৰ এখন হাতত হিন্দীত লিখা আছে ‎মাক সৰোজ আৰু দেউতাক প্ৰেমৰ নাম। মাক-দেউতাকৰ প্ৰতি ইয়াত মৰম আৰু শ্ৰদ্ধা প্ৰকাশ পাইছে।

তেওঁ নিজৰ খঙ আৰু আক্ৰমণাত্মক গুণটোক দমন কৰিব বিচাৰে। এই কাৰণতে তেওঁৰ হাতত ‘ভগৱান ‎শিৱ’ৰ টেটু আছে। ‎

মনৰ শান্তিৰ বাবে ‘The Monastery’ৰ টেটুও আছে কোহলীৰ হাতত। ‎

২০১১ চনত ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত অনুষ্ঠিত টেষ্ট মেচৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটিছিল ‎কোহলীৰ। যাৰ বাবে তেওঁ শৰীৰত ‘টেষ্ট কেপ নম্বৰ’টো টেটু কৰিছে।

আনহাতে ২০০৮ চনত বিৰাট কোহলীয়ে এদিনীয়াত অভিষেক ঘটায়। সেই মেচৰ পৰা কেপ নম্বৰটো তেওঁ ‎টেটু কৰি লৈছিল। ‎

আগ্ৰাসনৰ প্ৰতীক ‘জনজাতীয় কলা’ৰ টেটু। ইফালে বিৰাটৰ ৰাশি কৰ্কট ৰাশি। সেই বাবে তেওঁ বৃচ্ছিকৰ ‎ছবি টেটু কৰাইছে। ‎

তেওঁৰ বাহুত থকা ‘জাপানীজ চামুৰাই’ টেটুটোও অতি বিখ্যাত। এই টেটু সততা, বিশ্বাস, সাহসৰ প্ৰতীক। ‎

হিন্দু ধৰ্মৰ পবিত্ৰ শব্দ ‘ওম’ক সমগ্ৰ বিশ্বৰ মানুহে ঐশ্বৰিক শক্তিৰ অংগ বুলি গণ্য কৰে। সেয়ে ‘ওম’ৰ টেটুও ‎কৰি লৈছে ক্ৰিকেটাৰগৰাকীয়ে।

Related News