বঙাইগাঁৱৰ কোকিলাত গেলামালৰ দোকানৰ পৰা জব্দ বিলাতী সুৰা
যোৱা নিশা বঙাইগাঁও জিলাৰ কোকিলা বজাৰত কোকিলা আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ দেশীয়ভাৱে প্ৰস্তুত দেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে কোকিলা বজাৰত থকা ভূপেন সাহা নামৰ গেলামালৰ দোকানী জনৰ গুদামৰ পৰা জব্দ কৰে সুৰাখিনি।
আৰক্ষীয়ে ভূপেন সাহাৰ পৰা গুদামৰ ছাবি বিছাৰিছিল যদিও চাবি দিয়াত প্ৰথমতে আমান্তি হৈছিল। কিন্তু আৰক্ষী আৰু গাঁৱৰক্ষীৰ যুটীয়া তালাচী দলটোৱে ভূপেন সাহাৰ হাতেৰেই গুদামৰ তলা ভঙাই জব্দ কৰে সাত কাৰ্টুন বিলাতী সুৰা।
সাহাই অনুপম আৰু ফৰছুন তেলৰ কাৰ্টনত আটকধুনীয়াকৈ সজাই ৰাখিছিল কাৰ্টুনসমূহ।
এই অবৈধ সুৰাৰ ব্যৱসায় বহু দিনৰ পৰাই চলাই আহিছে বুলি দোকানী ভূপেন সাহাই আৰক্ষীৰ আগত স্বীকাৰ কৰে। ঘটনাস্থলীৰ পৰাই সুৰা ব্যৱসায়ী ভূপেন সাহাক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় কোকিলা আৰক্ষীয়ে।