কোকৰঝাৰত মাটিত পুতি থোৱা অৱস্থাৰ পৰা গুলী-বাৰুদসহ পুনৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ

index.jpga

বিটিআৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ জিলাৰ পৰা আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰিছে গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত কোকৰাঝাৰ জিলাৰ বেলগুৰিৰ এক প্ৰত্যন্ত অঞ্চলৰ অৰণ্যৰ মাজত মাটিত পুতি থোৱা অৱস্থাৰ পৰা উক্ত মাৰণাস্ত্ৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

গোপন সূত্ৰৰ পম খেদি এপিএছ মুকুত ৰাভাৰ নেতৃত্বত আৰু এপিএছ(প্ৰধান কাৰ্যালয়) পুনমজিৎ নাথ, চেৰ্ফাংগুৰি থানাৰ উপ পৰিদৰ্শক চৌমদন হাজোৱাৰীৰ সহযোগত যোৱা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে অভিযান চলায় চেৰ্ফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি অঞ্চলৰ অৰণ্যৰ মাজৰ পৰা গুলী-বাৰুদসহ অবৈধ মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে।

অভিযানকালত আৰক্ষীয়ে ১ টা একে ৫৬ ৰাইফল, ১ টা একে ৫৬ মেগজিন, ১ টা ৭.৬৫ এমএম পিষ্টল, ১ টা ৯.৬৫ এমএম পিষ্টলৰ মেগজিন আৰু ২৯ ৰাউণ্ড একে চিৰিজৰ সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে এটা সপ্তাহৰ অন্তৰত দ্বিতীয়বাৰ কোকৰাঝাৰত আৰক্ষীয়ে অবৈধ গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে।

যোৱা মংগলবাৰেও কোকৰাঝাৰ আৰক্ষীয়ে এএছ১৬-এ ৪১৬৫ নম্বৰৰ এখন স্ক’প্ৰিয় বাহনত তালাচী চলায় ৫ টা একে ৫৬, ৮ টা একে ৫৬ৰ মেগজিন, এইচ কে ৩৩ ই এটা, এই কে ই ৩৩ৰ মেগজিন এটা,  ইউবিজিএল এটা, ইউজিবিএল চেল ১১টা, চীনত নিৰ্মিত হেণ্ড গ্ৰেণেড ৮ টা আৰু ৩০০ টাসহ একে চিৰিজৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।