বি টি চি চৰকাৰৰ প্ৰথম বাজেট অধিৱেশন সম্পন্ন

ফটো : নৰ্থ-ইষ্ট নাও

২৭ জানুৱাৰিত চুক্তি স্বাক্ষৰ হোৱা বি টি আৰ স্বাক্ষৰৰ এবছৰ পাৰ হৈ চুক্তি স্বাক্ষৰীত মাহ তথা আজি ৮ জানুৱাৰিত অনুষ্ঠিত হৈছে বি টি চিৰ প্ৰথম বাজেট অধিবেশন।

তাৎপৰ্যপূৰ্ণভাৱে আজিৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম বাজেট অধিবেশন বৰ্জন কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিৰোধী দলে{

প্ৰথম বাজেট অধিবেশনত সদনত বহল ভিত্তিত চৰ্চা হয় এন ডি এফ বিৰ পুনৰ সংস্থাপনৰ বিষয়টো।

এম চি এল এ তথা প্ৰাক্তন এন ডি এফ বিৰ নেতা সঞ্জয় স্বৰ্গয়াৰীয়ে উত্থাপন কৰা বিষয়ৰ ওপৰত ডিপুটি চীফ তথা প্ৰাক্তন এন ডি এফ বি নেতা গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সদনত কয় প্ৰাক্তন এন ডি এফ বি কেডাৰ সকলক পুনৰ সংস্থাপনৰ নামত কেন্দ্ৰীয় চৰকাৰে চাৰি লাখ আৰু অসম চৰকাৰৰ পৰা দুই লাখ মুঠ ৬ লাখকৈ ক্ষতিপূৰণ দিব সংগ্ৰামত প্ৰান আহুতি দিয়া ছহিদ এন ডি এফ বি কেডাৰ সকলক{

লগতে প্ৰাক্তন এন ডি এফ বিসহ বড়ো যুৱক সকলক চি আৰ পি এফ, আই আৰ বি এন, চি আই এছ এফ আদি নিৰাপত্তা বাহিনীত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছে{

তদুপৰি কাৰাবন্দী হৈ থকা এন ডি এফ বি সকলৰ গোচৰ সন্দৰ্ভত অহা ২৪ জানুৱাৰিত কোকৰাঝাৰত আহিবলগীয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰা হ’ব।

ইয়াৰ উপৰি ভুটানত কাৰাবন্দী হৈ থকা ২৫ গৰাকী প্ৰাক্তন এন ডি এফ বি কেডাৰক মুক্তি কৰা বাবে চৰকাৰৰ দ্বাৰা ভুটানৰ সৈতে আলোচনা কৰা পদক্ষেপ লোৱাৰ কথা সদনত উত্থাপন কৰে ডিপুটি চীফ গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

আজিৰ প্ৰথম বাজেট অধিবেশনত ১৭৪১.৬৯০৬ অৰ্থাৎ প্ৰায় ১৮ শ কোটি ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে যদিও বিগত হাগ্ৰামা চৰকাৰৰ সময়তে দুই হেজাৰতকৈ অধিক লায়েবেলেটিজ আছে বুলি সদনত উত্থাপন কৰে চীফ প্ৰমোদ বড়োয়ে।

আজিৰ প্ৰথম বাজেট অধিবেশন বৰ্জন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিৰোধী দলৰ ওপৰত সমালোচনা কৰি প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ বাবে নহয় ক্ষমতাৰ বাবেহে চৰকাৰ চলাইছিল আৰু আজি অধিবেশনত নাথাকি মন্ত্ৰী চন্দন ব্ৰহ্মাই চিৰাঙত সকলো সদস্যক লৈ পিকনিক খোৱাটো গণতন্ত্ৰক সন্মান নকৰাৰ দৰে হৈছে বুলি কয়।

আনহাতে সদনত মনোনীত পৰিষদীয় সদস্য উইলচন হাস্দাই অস্ত্ৰ বিৰোধী আদিবাসী সশস্ত্ৰ সংগ্ৰামী সংগঠন আৰু বেংগলী আদি বিভিন্ন জনগোষ্ঠীয়ে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ওলাই অহা অস্ত্ৰ বিৰোধী সশস্ত্ৰ সংগ্ৰামী সকলৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে।