কোকৰাঝাৰত সদল বলে নৱ শৰণীয়াৰ মনোনয়ন দাখিল

02-04-19 Kokrajhar- Naba Kumar Sarania filling nomination

নৱ শৰণীয়াৰ মনোনয়ন দাখিল।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা সাংসদ নৱ শৰণীয়াই সদল বলে গৈ কোকৰাঝাৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত শৰণীয়াই হাজাৰ হাজাৰ কৰ্ম-কৰ্তা আৰু সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলেও মনোনয়নৰ সময়ত সংগ দিয়ে বৰ্তমানৰ সাংসদগৰাকীক।

মনোনয়ন দাখিলৰ পাছত সাংবাদ মাধ্যমৰ সৈতে হোৱা মুখা-মুখিত শৰণীয়াই কোকৰাঝাৰ সমষ্টিৰ পৰা পুনৰ বাৰ তেওঁ বিপুল ভোটত জয়লাভ কৰিব বুলি কয়।

আনহাতে, বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক সমালোচনা কৰি কয় যে বি পি এফ দলে বি টি এ ডি অঞ্চলৰ জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে যাৰ বাবে ৰাইজৰ দলটোৰ প্ৰতি মোহভংগ ঘটিছে।

উল্লেখযোগ্য যে, আজি কোকৰাঝাৰ সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মইয়ো হাগ্ৰামা মহিলাৰীকে ধৰি আন আন দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে। সমষ্টিটোত তৃতীয় পৰ্যায়ত অৰ্থাৎ ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।