কোকৰাঝাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ,দুই সৰবৰাহকাৰীক আটক

zp

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কোকৰাঝাৰতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ।

এনে অভিযানৰ সময়তে কোকৰাঝাৰ আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।

নামনি অসমৰ মুখ্য ড্ৰাগছ ব্যৱসায়ী মহম্মদ ৰহিম আলীক বঙাইগাঁও হাপাদৰাৰ পৰা আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

কোকৰাঝাৰ চহৰৰ বাসিন্দা বীৰহত লাচী ওৱাৰীক আটকৰ পিছতে সমগ্ৰ ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৰ কথা পোহৰলৈ আহে ।

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৰ মুল ব্যক্তি মহম্মদ ৰহিম আলীক আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে লোক জনৰ বহু সংখ্যক ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে ।