NORTHEAST NOW (Assamese)

২৭ ডিচেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান

December 24, 2019 10:42 am · এন ই নাও নিউজ
Updated: December 24, 2019 10:56 am
প্ৰতিনিধিত্বমূলক ফটো

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আপোচবিহীনভাৱে আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত অহা ২৭ ডিচেম্বৰত পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অসমে।

বন্ধৰ দিনটোত অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসা সেৱা, পৰীক্ষাকে ধৰি অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই দিয়া হৈছে বুলি সংগঠনটোৰ নেতৃত্বই সংবাদমেলযোগে জানিবলৈ দিছে।

ইয়াৰ উপৰি বন্ধ সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে পালন কৰিবলৈ সংগঠনটোৰ নেতা-কৰ্মীৰ লগতে ৰাজ্যৰ সকলো জনসাধাৰণকে আহ্বান জনাইছে সংগঠনটোৱে।

ইফালে এই বন্ধ সফল কৰি তুলিবলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয়তাবাদী যুৱ পৰিষদ, আমছু, গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থা আৰু সদৌ অসম নিবনুৱা যুৱ পৰিষদে।

উল্লেখযোগ্য যে যোৱা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA) ই অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। আৰু  ১৬ ডিচেম্বৰত NIA এ কৃষক নেতা গৰাকীক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

১৭ ডিচেম্বৰত গুৱাহাটীত থকা NIA ৰ আদালতত অখিলক হাজিৰ কৰোৱাৰ পিছত আদালতে ১০ দিনৰ বাবে NIAৰ জিম্মালৈ নেতা গৰাকীক প্ৰেৰণ কৰে।

Related News