‘ৰামসেনা’ এক পাবত গজা, চৰকাৰে নিজাকৈ জন্ম দিয়া সংগঠন : প্ৰদীপ কলিতা

IMG-20181025-WA0057

বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

‘ৰামসেনা’ এটা পাবত গজা তথা চৰকাৰে নিজাকৈ জন্ম দিয়া এক সংগঠন।‘ বৃহস্পতিবাৰে দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই।

তেওঁ লগতে কয়, ‘বিজেপি আৰু আৰএছএছে ৰাতিটোৰ ভিতৰতে এটা এটা সংগঠনৰ জন্ম দিয়ে। ৰামসেনা নামৰ সংগঠনটোও বিজেপিয়ে ৰাতিটোৰ ভিতৰতে জন্ম দিয়া আৰু এই সংগঠনটোৰ হতুৱাই কৃষক নেতা অখিল গগৈ, জীতেন দত্ত আৰু আজিজুৰ ৰহমানৰ বিৰুদ্ধে গোচৰ দিছে।‘

তদুপৰি আজিৰ বাতৰি কাকততহে ‘ৰাম সেনা’ নামৰ সংগঠনটোৰ নাম শুনা বুলি তেওঁ কয়।

আনহাতে, প্ৰতিবাদী কন্ঠসমূহ বন্ধ কৰিবৰ বাবে বিজেপি আৰু আৰ এছ এছে এনেধৰণৰ সংগঠনসমূহৰ জন্ম দিছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

কৃষক শ্ৰমিক পৰিষদৰ সভাপতিগৰাকীয়ে ৰাম সেনা নামৰ তথাকথিত সংগঠনটোক সকীয়াই দি কয়, ‘যদি আপোনালোকে অসম বিৰোধী আচৰণ কৰে, আপোনালোককো আমি অসমত সুখেৰে থাকিবলৈ নিদিওঁ।‘

আনহাতে, সেই একেখন সংবাদমেলতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ‘চৰ চাপৰি অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা’ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰে প্ৰদীপ কলিতাই।

তেওঁ ৰঞ্জিত দাসক উদ্দেশ্যি কয়, ‘তেওঁ অন্ধ নেকি? উজনি অসমত অলিয়ে গলিয়ে অসমৰ ৰাইজে বন্ধটো পালন কৰিছে, সেইটো তেওঁ নেদেখিলে। তেওঁ কেবল চৰ অঞ্চলৰ কথাহে ক’লে।‘

তেওঁ লগতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক সকীয়াই দি কয়, ‘আপুনি যি-টি মন্তব্য দি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি কৰি ৰক্তাক্ত পৰিবেশৰ সৃষ্টি নকৰিব।‘

তদুপৰি মিত্ৰজোঁটত থকা অসম গণ পৰিষদকো অতি সোনকালে মিত্ৰতা ত্যাগ কৰিবৰ বাবে উক্ত সংবাদমেলৰ জৰিয়তে তেওঁ আহ্বান জনায়।

তেওঁ কয়, ‘অগপই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে মিত্ৰতাৰ পৰা  ওলাই আহিম বুলি কৈছে। কিন্তু তেওঁলোকে বুজা উচিত ৰোগী এগৰাকীৰ মৃত্যু হ’লে চিকিৎসকৰ হতুৱাই চিকিৎসা কৰাই লাভ নাই।‘

সেয়েহে নাটক নকৰি অগপ দলে অতি সোনকালে মিত্ৰতা ভংগ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, বিতৰ্কিত বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে পানবজাৰ থানা, হোজাই থানা আৰু দিচপুৰ থানাত ভিন্ন ভিন্নকৈ তিনিটা গোচৰ ৰুজু কৰাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে কলিতাই।

লক্ষণীয় কথা যে, অহা ৬ নৱেম্বৰৰ পৰা কৃষক শ্ৰমিক উন্নয়ন পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত গুৱাহাটীৰ চচলত অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব।

উক্ত অনশন কাৰ্য্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ , সদৌ অসম জাতীয়তাবাদী উন্নয়ন পৰিষদ, কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ লগতে অন্য কেইবাটাও সংগঠনে সহযোগিতা কৰিব বুলি সংবাদমেলত কলিতাই জনায়।