পাকিস্তানৰ বিৰুদ্ধে অস্ত্ৰ ল’বলৈ আমাক প্ৰধান মন্ত্ৰীয়ে আদেশ দিয়ক : কৃষক শ্ৰমিক উন্নয়ন পৰিষদ
যোৱা ১৪ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণৰ প্ৰতিবাদত আজি গুৱাহাটী মহানগৰীত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পুত্তলিকা দাহ কৰাৰ লগতে পাকিস্তানী পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
মহানগৰীৰ গণেশগুৰিস্থিত গণেশ মন্দিৰৰ সন্মুখত স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰাৰ লগতে সংগঠনটোৰ ৰাজ্যিক সভাপতি প্ৰদীপ কলিতাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাই কয়, ‘ভাৰতৰ সন্তানসকলক হাতত অস্ত্ৰ তুলি ল’বলৈ আদেশ দিয়ক’।
ইয়াৰ উপৰি ভাৰতীয় সন্তানসকলে পাকিস্তানৰ সৈতে যুঁজ কৰিবলৈ সাজু বুলি প্ৰতিবাদস্থলীৰ পৰাই পাকিস্তানক সকিয়াই দি তেওঁ কয় ‘আমাৰ ভাৰতবৰ্ষ ইমান কমজোৰ দেশ নহয়। আমি দেখাই দিব বিচাৰিছো ভাৰতবৰ্ষ এখন শক্তিমান দেশ।‘
চহিদসকলক সুঁৱৰি প্ৰতিবাদকাৰীসকলে ‘ভাৰত মাতা কি জয়’, ’পাকিস্তান গ’ বেক’, ‘পাকিস্তানী প্ৰধান মন্ত্ৰী হুচিয়াৰ’ ইত্যাদি ধ্বনিৰে উত্তাল কৰি তোলে গণেশ মন্দিৰৰ সন্মুখভাগ।