মণিপুৰৰ জিৰিবাম জিলাৰ আগলাপুৰত শনিবাৰে নিশা উদ্ধাৰ হোৱা এজন লোকৰ মৃতদেহ হাওজোৱেল (২৭) বুলি চিনাক্ত কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
খবৰ অনুসৰি যোৱা নিশা জিৰিবামৰ আগলপুৰ কালভাৰ্টৰ তলত হাওজোৱেলৰ মৃতদেহ উদ্ধাৰ হয়। সূত্ৰই জনোৱা মতে, কুকি-জো সম্প্ৰদায়ৰ হাওজোৱেল জিৰিবামৰ পাংমোল গাঁৱৰ বাসিন্দা আছিল।
মৃত লোকজনৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে হাওজোৱেলক তেওঁৰ গৰ্ভৱতী পত্নীৰ ওচৰলৈ যোৱাৰ সময়ত অসমত মেইটেই ব্যক্তিয়ে অপহৰণ কৰিছিল। তদুপৰি, জিৰিবামত মৃতদেহ আৱিষ্কাৰ হোৱাৰ পূৰ্বে তেওঁক অসমত অপহৰণ কৰা হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল।
আনহাতে, সোমবাৰে নিশা জাকুৰাধোৰৰ পৰা ছয়জন মেইটেই ব্যক্তিক অপহৰণ কৰাৰ পাছতে বৰাক নদীৰ পৰা তিনিটা মৃতদেহ আৱিষ্কাৰ হোৱাৰ লগে লগে জিৰিবামত উত্তেজিত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে।
উল্লেখ্য যে,অসম-মণিপুৰ সীমান্তৰ গিলগাল অঞ্চলত নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে দুটা শিশু আৰু এগৰাকী মহিলাসহ মৃতদেহ উদ্ধাৰ হয়। অপহৰণকাৰীক হত্যা কৰি নদীত মৃতদেহ পেলাই দিয়াৰ সন্দেহ কৰা হৈছে। উদ্ধাৰ হোৱাৰ পিছত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ অনা হয়।
অপহৰণৰ বাবে মেইটেই সম্প্ৰদায়ৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে আৰু অপহৰণৰ বাবে কুকি উগ্ৰপন্থী দায়ী বুলি অভিযোগ উত্থাপন হৈছে।