কালি সন্ধিয়া কুলদা কুমাৰ ভট্টাচাৰ্যও গ’লগৈ। তাৰ আগেয়ে আমি হেৰুৱালোঁ অৱনী কুমাৰ বৰঠাকুৰ আৰু উপেন্দ্ৰনাথ শৰ্মাক। এতিয়া আমাৰ বয়সৰ মানুহে, সামাজিক ভূমিকাৰ কাৰণে মনত পেলাবলগীয়া আৰু শ্ৰদ্ধা কৰিবলগীয়া মানুহৰ সংখ্যা দ্ৰুতভাৱে কমি আহিছে। আমাৰ নিজৰচামৰ মাজতচোন আমি তেনে কোনো গুৰুত্বপূৰ্ণ মানুহ বিচাৰিয়ে নোপোৱা হ’লোঁ। আমাৰ তলৰচামত কোন বা আছে? আছে চাগৈ কোনোবা! কুলদা কুমাৰ ভট্টাচাৰ্য মোৰ বৰ আদৰৰ আৰু সন্মানৰ ব্যক্তি আছিল। তেখেতৰ বিষয়ে তিনি দশক আগতে বীৰেন্দ্ৰনাথ দত্তই কোৱা কথা এষাৰ আজি মোৰ মনত পৰিছে। মাতৃভাষা বাংলা হোৱা সত্বেও কুলদা কুমাৰ ভট্টাচাৰ্যই ইমান সুন্দৰকৈ অসমীয়া ভাষা লিখিব আৰু ক’ব পাৰিছিল সেই কথা কৈছিল বীৰেন্দ্ৰনাথ দত্তই। একেবাৰে সঁচা কথা। ভট্টাচাৰ্যৰ অসমীয়া গদ্য আৰু অসমীয়া ভাষাৰ উচ্চাৰণ অনুকৰণীয় আছিল। কুলদা কুমাৰ ভট্টাচাৰ্যৰ পূৰ্বপুৰুষ এসময়ৰ পূৰ্ববংগ, পিছলৈ পূৱ পাকিস্তান আৰু এতিয়াৰ বাংলাদেশৰ শ্ৰীহট্টৰ পৰা অসমলৈ আহিছিল। কুলদা কুমাৰ ভট্টচাৰ্যৰ জেঠপেহা এসময়ত উজনি অসমৰ মুন্সিফ আছিল। তেওঁ গোলাঘাটৰ প্ৰথমজন ভাৰতীয় সদৰ এছ ডি অ’ আছিল। তেওঁৰ লগতে কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেউতাক অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি পিছলৈ গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লৈছিল। কুলদা কুমাৰ ভট্টাচাৰ্যই ‘অন্বেষা’ই ২০১২ চনত প্ৰকাশ কৰা আমাৰ শৈশৈৱ নামৰ কিতাপত তেওঁৰ শৈশৱৰ বিষয়ে লিখা ‘বিবেকে সকলো পণ্ড কৰি দিয়ে,খঙে চুলিৰ আগ পায়’ নামৰ ৰচনাখনত লিখা কথা বোৰ পঢ়িলেই আমি গম পাম কুলদা কুমাৰ ভট্টাচাৰ্য কেতিয়া কেনেকৈ অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। নাটক আৰু চিনেমাৰ বাবেই গোটেই জীৱনটো সঁপি দিয়া ব্যক্তি আছিল কুলদা কুমাৰ ভট্টাচাৰ্য। অসমত, নাটক আৰু চিনেমা জগতৰ কোনো গুৰুত্বপূৰ্ণ আৰম্ভণি, আলোচনা যেন কুলদা কুমাৰ ভট্টাচাৰ্য অবিহনে সম্পূর্ণ নহয়। চলচ্চিত্ৰ আৰু নাট্যকলাৰ প্ৰশিক্ষণ ল’বলৈ তেওঁ সুদূৰ লণ্ডনলৈ গৈছিল। ইংলেণ্ডৰপৰা ঘূৰি আহি তেওঁ দিল্লীৰ নাট্য গোষ্ঠীৰ লগতো জড়িত হৈ পৰিছিল। হবিব তনবীৰৰ দৰে অভিনেতাৰ লগত তেওঁ একেলগে অভিনয় কৰিছিল। কুলদা কুমাৰ ভট্টাচাৰ্য এজন ভাল সাংস্কৃতিক সংগঠকো আছিল। অভিনয়ৰ প্ৰতি কেনেকৈ তেওঁ আকৰ্ষিত হৈছিল সেই বিষয়ে তেওঁ উল্লেখিত ৰচনাখনত লিখিছিলঃ ‘পাঠশালাৰ মজিয়াতে মোৰ অভিনয়ৰো সূচনা। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে চ্যুডমার্চন হলত প্রথম ডাঙৰৰ লগত অভিনয় কৰিছিলোঁ। ইয়াতো ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাটক। নাটকৰ নাম ‘ডাকঘৰ’। নায়ক অমল যক্ষ্মা ৰোগাক্রান্ত এজন দহ-বাৰ বছৰীয়া বালক। সেই অভিনয়ৰ অভাৱনীয় জনপ্ৰিয়তাৰ ফলত মোৰ মূৰত সোমাল, ভবিষ্যতে মই অভিনেতা হ’ম। স্কুলৰ লেখা-পঢ়াৰ প্ৰতি অমনোযোগী হ’লোঁ। কেৱল অভিনয় কৰা আৰু অভিনয় চোৱাতহে মন। ষষ্ঠ শ্রেণীলৈকে মোৰ স্থান আছিল প্রথম, সপ্তম শ্রেণীত হ’লোঁ চতুর্থ। তাৰ পাছত নামিলোঁ ষষ্ঠ স্থানলৈ। মেট্ৰিকলৈকে তাৰ ওপৰলৈ উঠিব পৰা নাছিলোঁ। আন্তৰিক চেষ্টাও কৰা নাছিলোঁ। কিন্তু মই অভিনেতা হ’লোঁ, পৰিচালক হ’লোঁ, প্রযোজকো হ’লোঁ। আজি বুজি পাইছোঁ চিত্রাংকন ক্ষমতা, গণিত আৰু বিজ্ঞানৰ জ্ঞান নাথাকিলে মঞ্চ, চলচ্চিত্ৰৰ সৃজন-কৰ্মতো অসুবিধা পোৱা যায়। ’ কুলদা কুমাৰ ভট্টাচাৰ্যই নিজৰ শৈশৱৰ কথা ক’বলৈ গৈ চল্লিশৰ দশকৰ গুৱাহাটীৰ, বিশেষকৈ পাণবজাৰৰ আৰু সেই সময়ৰ পূৰ্ব বংগৰ শ্ৰীহট্টৰ বিশেষকৈ তেওঁলোকৰ নৰ্তন গাঁৱৰ যি বৰ্ণনা দিছে আমাৰ দেশৰ এটা সময়ৰ সাংস্কৃতিক ইতিহাসৰ অধ্যয়নৰ বাবে সি অতি তাৎপৰ্যপূৰ্ণ। কুলদা কুমাৰ ভট্টাচাৰ্য কেৱল এজন শিল্পীয়ে নাছিল তেওঁ এজন নাগৰিকো আছিল। কোনোবাই প্ৰশ্ন কৰিব পাৰে- নাগৰিক নোহোৱাকৈ কেনেকৈ শিল্পী হ’ব পাৰি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। শিল্পীৰ ভূমিকা এজন নাগৰিকতকৈ বহু ওপৰত। কিন্তু নাগৰিকৰ দায়িত্ব পালন নকৰাকৈ কোনোবাই শিল্পীৰ দায়িত্ব পালন কৰিব পাৰেনে? এইটোও এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন নহয়নে? কিন্তু কুলদা কুমাৰ ভট্টাচাৰ্য প্ৰথমে এজন অতি দায়িত্বশীল নাগৰিক আছিল আৰু তাৰ পিছতহে তেওঁ শিল্পী আছিল। তেওঁৰ সামাজিক সত্ত্বা আৰু শিল্পী সত্ত্বা একেটাই আছিল। সেইকাৰণেই আমাৰ দেশ আৰু ৰাজ্যখনে সন্মুখীন হোৱা শেহতীয়া পৰিস্থিতি সম্পৰ্কে কুলদা কুমাৰ ভট্টাচাৰ্য অতি উদ্বিগ্ন আছিল। সেইকাৰণেই সাংবিধানিক প্ৰমূল্য আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে অসম নাগৰিক সমাজে লোৱা প্ৰায় প্ৰতিটো কাৰ্যসূচীতে নব্বৈৰ উৰ্দ্ধৰ কুলদা কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰিছিল। সৌ সিদিনা ৩০ আগষ্টৰ দিনা সাম্প্ৰদায়িক উত্তেজনাৰ বিৰুদ্ধে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ চেমিনাৰ হলত আয়োজন কৰা সভাত তেওঁ কি তেজস্বী বক্তৃতা দিছিল! এতিয়াৰে পৰা কুলদা কুমাৰ ভট্টাচাৰ্যক আমি আৰু কেতিয়াও দেখা নাপাওঁ। মই ভাবি আছিলোঁ কুলদা কুমাৰ ভট্টাচাৰ্যৰ এটা দীঘলীয়া সাক্ষাৎকাৰ ল’ম। সেই আশা এতিয়া মোৰ মনতে মাৰ যাব। কুলদা কুমাৰ ভট্টাচাৰ্যলৈ নৰ্থ-ইষ্ট নাওৰ হৈ ইয়াৰ যোগেদিয়ে মই এক আন্তৰিক শ্ৰদ্ধা জনালোঁ।