• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কুলদা কুমাৰ ভট্টাচাৰ্যঃ এগৰাকী শিল্পী আৰু নাগৰিক

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 2, 2024 4:26 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি সন্ধিয়া কুলদা কুমাৰ ভট্টাচাৰ্যও গ’লগৈ।  তাৰ আগেয়ে আমি হেৰুৱালোঁ অৱনী কুমাৰ বৰঠাকুৰ আৰু উপেন্দ্ৰনাথ শৰ্মাক।  এতিয়া আমাৰ বয়সৰ মানুহে, সামাজিক ভূমিকাৰ কাৰণে মনত পেলাবলগীয়া আৰু  শ্ৰদ্ধা কৰিবলগীয়া মানুহৰ সংখ্যা দ্ৰুতভাৱে কমি আহিছে। আমাৰ নিজৰচামৰ মাজতচোন আমি তেনে কোনো গুৰুত্বপূৰ্ণ মানুহ বিচাৰিয়ে নোপোৱা হ’লোঁ।  আমাৰ তলৰচামত কোন বা আছে? আছে চাগৈ কোনোবা! কুলদা কুমাৰ ভট্টাচাৰ্য মোৰ বৰ আদৰৰ আৰু সন্মানৰ ব্যক্তি আছিল।  তেখেতৰ বিষয়ে তিনি দশক আগতে বীৰেন্দ্ৰনাথ দত্তই কোৱা কথা এষাৰ আজি মোৰ মনত পৰিছে। মাতৃভাষা বাংলা হোৱা সত্বেও কুলদা কুমাৰ ভট্টাচাৰ্যই  ইমান সুন্দৰকৈ অসমীয়া ভাষা লিখিব আৰু ক’ব পাৰিছিল সেই কথা কৈছিল বীৰেন্দ্ৰনাথ দত্তই। একেবাৰে সঁচা কথা।  ভট্টাচাৰ্যৰ অসমীয়া গদ্য আৰু অসমীয়া ভাষাৰ উচ্চাৰণ অনুকৰণীয় আছিল।  কুলদা কুমাৰ ভট্টাচাৰ্যৰ পূৰ্বপুৰুষ এসময়ৰ পূৰ্ববংগ, পিছলৈ পূৱ পাকিস্তান আৰু এতিয়াৰ বাংলাদেশৰ শ্ৰীহট্টৰ পৰা অসমলৈ আহিছিল। কুলদা কুমাৰ ভট্টচাৰ্যৰ জেঠপেহা এসময়ত উজনি অসমৰ মুন্সিফ আছিল। তেওঁ গোলাঘাটৰ প্ৰথমজন ভাৰতীয় সদৰ এছ ডি অ’ আছিল। তেওঁৰ লগতে কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেউতাক অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি পিছলৈ গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লৈছিল। কুলদা কুমাৰ ভট্টাচাৰ্যই ‘অন্বেষা’ই ২০১২ চনত প্ৰকাশ কৰা আমাৰ শৈশৈৱ নামৰ কিতাপত তেওঁৰ শৈশৱৰ বিষয়ে লিখা ‘বিবেকে সকলো পণ্ড কৰি দিয়ে,খঙে চুলিৰ আগ পায়’ নামৰ ৰচনাখনত লিখা কথা বোৰ পঢ়িলেই আমি গম পাম  কুলদা কুমাৰ ভট্টাচাৰ্য কেতিয়া কেনেকৈ  অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। নাটক আৰু চিনেমাৰ বাবেই গোটেই জীৱনটো সঁপি দিয়া ব্যক্তি আছিল কুলদা কুমাৰ ভট্টাচাৰ্য।  অসমত, নাটক আৰু চিনেমা জগতৰ কোনো গুৰুত্বপূৰ্ণ আৰম্ভণি, আলোচনা যেন কুলদা কুমাৰ ভট্টাচাৰ্য অবিহনে সম্পূর্ণ নহয়।  চলচ্চিত্ৰ আৰু নাট্যকলাৰ প্ৰশিক্ষণ ল’বলৈ তেওঁ সুদূৰ লণ্ডনলৈ গৈছিল।  ইংলেণ্ডৰপৰা ঘূৰি আহি তেওঁ দিল্লীৰ নাট্য গোষ্ঠীৰ লগতো জড়িত হৈ পৰিছিল।  হবিব তনবীৰৰ দৰে অভিনেতাৰ লগত তেওঁ একেলগে অভিনয় কৰিছিল।  কুলদা কুমাৰ ভট্টাচাৰ্য এজন ভাল সাংস্কৃতিক সংগঠকো আছিল।  অভিনয়ৰ প্ৰতি কেনেকৈ তেওঁ আকৰ্ষিত হৈছিল সেই বিষয়ে তেওঁ উল্লেখিত ৰচনাখনত লিখিছিলঃ ‘পাঠশালাৰ মজিয়াতে মোৰ অভিনয়ৰো সূচনা।  ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে চ্যুডমার্চন হলত প্রথম ডাঙৰৰ লগত অভিনয় কৰিছিলোঁ।  ইয়াতো ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাটক।  নাটকৰ নাম ‘ডাকঘৰ’।  নায়ক অমল যক্ষ্মা ৰোগাক্রান্ত এজন দহ-বাৰ বছৰীয়া বালক।  সেই অভিনয়ৰ অভাৱনীয় জনপ্ৰিয়তাৰ ফলত মোৰ মূৰত সোমাল, ভবিষ্যতে মই অভিনেতা হ’ম।  স্কুলৰ লেখা-পঢ়াৰ প্ৰতি অমনোযোগী হ’লোঁ।  কেৱল অভিনয় কৰা আৰু অভিনয় চোৱাতহে মন।  ষষ্ঠ শ্রেণীলৈকে মোৰ স্থান আছিল প্রথম, সপ্তম শ্রেণীত হ’লোঁ চতুর্থ।  তাৰ পাছত নামিলোঁ ষষ্ঠ স্থানলৈ।  মেট্ৰিকলৈকে তাৰ ওপৰলৈ উঠিব পৰা নাছিলোঁ।  আন্তৰিক চেষ্টাও কৰা নাছিলোঁ।  কিন্তু মই অভিনেতা হ’লোঁ, পৰিচালক হ’লোঁ, প্রযোজকো হ’লোঁ।  আজি বুজি পাইছোঁ চিত্রাংকন ক্ষমতা, গণিত আৰু বিজ্ঞানৰ জ্ঞান নাথাকিলে মঞ্চ, চলচ্চিত্ৰৰ সৃজন-কৰ্মতো অসুবিধা পোৱা যায়। ’ কুলদা কুমাৰ ভট্টাচাৰ্যই নিজৰ শৈশৱৰ কথা ক’বলৈ গৈ চল্লিশৰ দশকৰ গুৱাহাটীৰ, বিশেষকৈ পাণবজাৰৰ আৰু সেই সময়ৰ পূৰ্ব বংগৰ শ্ৰীহট্টৰ বিশেষকৈ তেওঁলোকৰ নৰ্তন গাঁৱৰ যি বৰ্ণনা দিছে আমাৰ দেশৰ এটা সময়ৰ সাংস্কৃতিক ইতিহাসৰ অধ্যয়নৰ বাবে সি অতি তাৎপৰ্যপূৰ্ণ। কুলদা কুমাৰ ভট্টাচাৰ্য কেৱল এজন শিল্পীয়ে নাছিল তেওঁ এজন নাগৰিকো আছিল। কোনোবাই প্ৰশ্ন কৰিব পাৰে- নাগৰিক নোহোৱাকৈ কেনেকৈ শিল্পী হ’ব পাৰি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন।  শিল্পীৰ ভূমিকা এজন নাগৰিকতকৈ বহু ওপৰত।  কিন্তু নাগৰিকৰ দায়িত্ব পালন নকৰাকৈ কোনোবাই শিল্পীৰ দায়িত্ব পালন কৰিব পাৰেনে? এইটোও এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন নহয়নে? কিন্তু কুলদা কুমাৰ ভট্টাচাৰ্য প্ৰথমে এজন অতি দায়িত্বশীল নাগৰিক আছিল আৰু তাৰ পিছতহে তেওঁ শিল্পী আছিল। তেওঁৰ সামাজিক সত্ত্বা আৰু শিল্পী সত্ত্বা একেটাই আছিল। সেইকাৰণেই আমাৰ দেশ আৰু ৰাজ্যখনে সন্মুখীন হোৱা শেহতীয়া পৰিস্থিতি সম্পৰ্কে কুলদা কুমাৰ ভট্টাচাৰ্য অতি উদ্বিগ্ন আছিল।  সেইকাৰণেই সাংবিধানিক প্ৰমূল্য আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে  অসম নাগৰিক সমাজে লোৱা প্ৰায় প্ৰতিটো কাৰ্যসূচীতে নব্বৈৰ উৰ্দ্ধৰ কুলদা কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰিছিল।  সৌ সিদিনা ৩০ আগষ্টৰ দিনা  সাম্প্ৰদায়িক উত্তেজনাৰ বিৰুদ্ধে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ চেমিনাৰ হলত আয়োজন কৰা সভাত তেওঁ কি তেজস্বী বক্তৃতা দিছিল! এতিয়াৰে পৰা কুলদা কুমাৰ ভট্টাচাৰ্যক আমি আৰু কেতিয়াও দেখা নাপাওঁ। মই ভাবি আছিলোঁ কুলদা কুমাৰ ভট্টাচাৰ্যৰ এটা দীঘলীয়া সাক্ষাৎকাৰ ল’ম।  সেই আশা এতিয়া মোৰ মনতে মাৰ যাব।  কুলদা কুমাৰ ভট্টাচাৰ্যলৈ নৰ্থ-ইষ্ট নাওৰ হৈ ইয়াৰ যোগেদিয়ে মই এক আন্তৰিক শ্ৰদ্ধা জনালোঁ।

Apply Now
পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am
মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd