ৰাজ্যৰ নতুন মুখ্য সচিবৰ দায়িত্ব ল’লে কুমাৰ সঞ্জয় কৃষ্ণই

ফটো ফে'চবুকৰ পৰা সংগৃহীত

কুমাৰ সঞ্জয় কৃষ্ণই অসমৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে। আলোক কুমাৰৰ স্থানত তেওঁক এই পদত নিযুক্তি দিয়া হয়।

নতুন মুখ্য সচিবৰ দায়িত্ব লোৱা কুমাৰ সঞ্জয় কৃষ্ণ ১৯৮৫ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ এগৰাকী আই এ এছ বিষয়া।

আজি নতুন দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ ৰাইজৰ সহায়-সহযোগত ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিব বুলি সংবাদ মাধ্যমৰ কয়।

ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ এগৰাকী অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা কুমাৰ সঞ্জয় কৃষ্ণ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে সুপৰিচিত। তেওঁ য়ু পি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ডেপুটেশ্যনত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব পদটো কাৰ্যনিৰ্বাহ কৰিছিল।

নতুন দায়িত্ব লোৱাৰ আগলৈকে তেওঁ অসম চৰকাৰৰ গৃহ, ৰাজনৈতিক, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য আৰু জনসংযোগ তথা ছপা আৰু মুদ্ৰণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছিল।