NORTHEAST NOW (Assamese)

“কুম্ভ মেলা অসাৰ, ইয়াৰ কোনো তাৎপৰ্য নাই’’ : লালু প্ৰসাদ যাদৱ

February 16, 2025 3:44 pm · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে নিশা নতুন দিল্লীত মহাকুম্ভলৈ যোৱা ৰে’ল ধৰিবলৈ গৈ থকা অৱস্থাত ১৮ জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।  

তেওঁ কয়, “কুম্ভ মেলা আচলতে অসাৰ!”

দেওবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লালু প্ৰসাদ যাদৱে কয় যে গোটেই ঘটনাটো অতি দুৰ্ভাগ্যজনক। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

১৮ জন লোকৰ মৃত্যুৰ বাবে ৰে’লৱেক দোষাৰোপ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁৰ ভাষাত, “এই সমগ্ৰ কাণ্ডৰ বাবে ৰে’লৱেৰ দুৰ্বল ব্যৱস্থাপনা দায়ী। ৰে’ল মন্ত্ৰীয়ে ইয়াৰ দায়িত্ব ল’ব লাগিব।”

তাৰ পিছত কুম্ভক লৈ মন্তব্য কৰে আৰজেডিৰ মুৰব্বীগৰাকীয়ে। তেওঁ কয় “কুম্ভৰ কিবা বিশেষ তাৎপৰ্য আছে নেকি? কুম্ভ আচলতে অসাৰ।”

লালু প্ৰসাদ যাদৱৰ এই মন্তব্যত এতিয়া ক্ষুব্ধ হৈ পৰিছে নেটিজেন। বিজেপিকে ধৰি হিন্দুত্ববাদী সকলে লালু প্ৰসাদৰ এই মন্তব্যক সমালোচনা কৰিছে।

Related News