অনুবাদ সাহিত্যৰ নিৰৱ সাধক কুমুদ বৰাৰ মৃত্যুত ম্ৰিয়মান সাহিত্যানুৰাগী

যোৱা ২৩ ফেব্ৰুৱাৰী তাৰিখে অসমীয়া সাহিত্য ক্ষেত্ৰ খনৰ এগৰাকী নিৰৱ সাধক কুমুদ বৰাৰ ৮৫ বছৰ বয়সত বিয়োগ ঘটে ।

১৯৩৭ চনৰ চৈধ্য ডিচেম্বৰত জন্ম লাভ কৰা কুমুদ বৰা এসময়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ এগৰাকী বিষয়া আছিল । পৰিবহন নিগমৰ সংমণ্ডল অধীক্ষক ৰূপে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা কুমুদ বৰাই চৰকাৰী চাকৰি কৰি থকাৰ সময়ৰে পৰা অসমীয়া সাহিত্য চৰ্চাও অব্যাহত ৰাখিছিল ।

সামাজিক তথা চাকৰি জীৱনত তেওঁ এগৰাকী অতি সৰল আৰু অমায়িক ব্যক্তি হিচাপে সকলোৰে মাজত জনপ্ৰিয় আছিল ।

এসময়ত নগাঁৱৰ অতি জনপ্ৰিয় সাহিত্য অনুষ্ঠান ‘কলংপৰীয়া আলোচনা চক্ৰৰো’ তেওঁ এগৰাকী অন্যতম গুৰি ধৰোতা আছিল । এক দীঘলীয়া সময় এই অনুষ্ঠানটিক নেতৃত্ব দিছিল কুমুদ বৰাই । অসমীয়া সাহিত্য ক্ষেত্ৰ খনত তেওঁ পৰিচিত আছিল এগৰাকী কবি, গীতিকাৰ, গদ্য লেখক ,নাট্যকাৰ তথা গ্ৰন্থ সমালোচক ৰূপে ।

তেখেতৰ প্ৰকাশিত গ্ৰন্থ সমূহৰ ভিতৰত কবিতা সংকলন ‘ক্ৰান্তিকাল’, প্ৰৱন্ধ সংকলন ‘চিন্তা বিবিধা’, আৰু ইভান টুৰ্গেনিভৰ ‘Father And Son’s’ৰ অসমীয়া অনুবাদ ‘পিতা পুত্ৰ’ উল্লেখযোগ্য । ইয়াৰ উপৰি তেওঁৰ বহু কেইখন জনপ্ৰিয় নাটক অসমৰ বিভিন্ন মঞ্চত মঞ্চায়ন কৰা হৈছিল ।

অসমৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকত- আলোচনীত তেওঁৰ  বহু কবিতা আৰু আৰু অসংখ্য প্ৰৱন্ধ প্ৰকাশ পাইছিল।

সৃষ্টিশীল সাহিত্যৰ জৰিয়তে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰাৰ বাবে তেওঁক  ২০১১ চনত কলংপৰীয়া আলোচনা চক্ৰৰ সোণালী জয়ন্তী বৰ্ষত প্ৰদান কৰা হৈছিল ‘কলংপৰীয়া সাহিত্য বটা ‘ ।

য়াৰ উপৰিও ২০১৭ চনত নগাঁও জিলা মহিলা সমিতিৰ শতৰ্বষপূৰ্তি অনুষ্ঠানত অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিশেষ সম্বৰ্ধনা জনোৱা হৈছিল ।

তেখেতৰ বহুল সমাদৃত অনুবাদ উপন্যাস ‘পিতা পুত্ৰ’ অসমীয়া অনুবাদ সাহিত্যৰ এক উল্লেখযোগ্য গ্ৰন্থ ৰূপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে । তেওঁৰ বিয়োগ অসমৰ সাহিত্য ক্ষেত্ৰ খনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাবে পৰিগণিত হৈছে ৷