সোমবাৰে (৭ এপ্ৰিল) কমেডিয়ান কুনাল কামৰাৰ অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। তেওঁৰ শেহতীয়া কমেডী বিশেষ ‘নয়া ভাৰত’ সন্দৰ্ভত মুম্বাইত তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰৰ ভিত্তিত আটক কৰি ৰখা কামৰাক অন্তৱৰ্তীকালীন জামিনৰ প্ৰদান কৰা হয়।
আজি কমেডিয়ানগৰাকীয়ে এফআইআৰ বাতিলৰ বাবে বম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। জ্যেষ্ঠ অধিবক্তা নৱৰোজ ছিৰভাইয়ে ন্যায়াধীশ সাৰং কোটৱালৰ নেতৃত্বত গঠিত বিভাগীয় বিচাৰপীঠৰ সন্মুখত এই বিষয়ে উল্লেখ কৰে বুলি জানিব পৰা গৈছে। মঙলবাৰে ৮ এপ্ৰিলত এই বিষয়ত শুনানি গ্ৰহণ কৰিব বিচাৰপীঠে।
উল্লেখ্য যে তেওঁৰ কমেডী অনুষ্ঠানত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক শিৱসেনাৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবে ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰিছিল। ইয়াৰ পিছতে শিৱসেনা (শিন্দে ফৈদ) সমৰ্থকে অনুষ্ঠান প্ৰদৰ্শন কৰা ঠাইখন ধ্বংশ কৰাৰ লগতে কামৰাৰ বিৰুদ্ধে বিধায়ক মুৰ্জী পেটেলে এফআইআৰ দাখিল কৰে।
তামিলনাডুৰ বাসিন্দা কামৰাক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৭ এপ্ৰিললৈকে অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল। ভাৰতীয় ন্যায়িক সংহিতাৰ ৩৫৩(১)(খ), ৩৫৩(২) আৰু ৩৫৬(২) মানহানিৰ ধাৰাত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছিল।
পিছত গোচৰটো মুম্বাইৰ খাৰ থানালৈ বদলি কৰা হয়। এই পৰ্যন্ত মুম্বাই আৰক্ষীৰ তিনিটা চমনৰ পৰা ৰেহাই পাইছে কমেডিয়ানগৰাকীয়ে।