Euro 2024: নাক ভাঙিল এমবাপেৰ! অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত ফ্ৰান্স জয়ী হ’লেও হতাশ অনুৰাগী

ফটোঃ সংগ্ৰহীত।

ফ্ৰান্সে ইউৰো ২০২৪ৰ অভিযান আৰম্ভ কৰিছে। অৱশ্যে জয়ৰে অভিযান আৰম্ভ কৰাৰ পিছতো ফ্ৰান্সৰ বাবে আৰম্ভণি ভাল নাছিল। অষ্ট্ৰিয়াৰ বিৰুদ্ধে ফ্ৰান্সৰ ফুটবলাৰসকলে গোটেই ৯০ মিনিট খেলিও গ’ল দিব নোৱাৰিলে। খেলখনত বিজয়সূচক একমাত্ৰ গ’লটোও অষ্ট্ৰিয়াৰ আত্মঘাতী গ’লহে আছিল।

অষ্ট্ৰিয়াৰ ডিফেণ্ডাৰ মেক্সিমিলিয়ান ওবেৰে নিজৰ নেটত বলটো সোমাই দিয়াৰ লগে লগে ফ্ৰান্সে ১-০ গ’লত আগবাঢ়ি যায়। শেষত খেলখনত জয়ী হৈ ফ্ৰান্সে খেলপথাৰ এৰে। তাৰ মাজতে নাক ভাঙি গ’ল কিলিয়ান এমবাপেৰ।

খিতাপ জয়ৰ লক্ষ্যৰে এইবাৰৰ ইউৰোত প্ৰৱেশ কৰিছে ফ্ৰান্সে। এমবাপে, গ্ৰীজমেন, কণ্টেৰ দলটোৱে দেখিলে যিকোনো প্ৰতিদ্বন্দ্বীক শংকিত কৰিব। অৱশ্যে অষ্ট্ৰিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত ফৰাচী দলটোৱে গ’ল দিব নোৱাৰিলে। ভাগ্যৰ বাবেই এই মেচখনত জয়লাভ কৰে।

লগতে পঢ়কঃ দেশবাসীৰ ৰোষত পৰাৰ ভয়ত আতংকিত নেকি বাবৰ আজম! পাকিস্তানলৈ অহাৰ পৰিৱৰ্তে ছুটী উপভোগৰ বাবে ইংলেণ্ডমুখী পাক তাৰকাজন

এইবাৰৰ ইউৰোৰ প্ৰথমখন খেলত সোমবাৰে জাৰ্মানীৰ ডাচেলডৰ্ফত ফ্ৰান্সে অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিছিল। য’ত দলটোৱে ১-০ গ’লত জয়লাভ কৰে। পাৰ্থক্যৰ সৃষ্টি কৰা একমাত্ৰ গ’লটো আছিল আত্মঘাতী গ’ল। সকাহৰ জয়ৰ পিছতো ফ্ৰান্সে ডাঙৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কিলিয়ান এমবাপে। খেলখনৰ শেষৰ ফালে অষ্ট্ৰিয়াৰ কেভিন ডান্সোৰ সৈতে সংঘৰ্ষত নাক ভাঙি যায় এমবাপেৰ। নাকৰ পৰা তেজ ওলাই থকাৰ মাজতে খেলপথাৰ এৰি যায়।

কিন্তু তাৰ আগতে ফ্ৰান্সে বিজয়ী গ’লটো পাইছিল। এই গ’লটো এমবাপেৰ সৌজন্যতে আহিছিল। খেলখনৰ ৩৮ মিনিটত অষ্ট্ৰিয়াৰ চেণ্টাৰ বেক মেক্সিমিলিয়ান ওবেৰে এমবাপেৰ শ্বট ৰক্ষা কৰিবলৈ গৈ নিজৰ নেটত আত্মঘাতী গ’ল দিয়ে। ইয়াৰ পিছতে খেলখনৰ ৫৪ মিনিটত এমবাপেৰ দলে ব্যৱধান দুগুণ কৰাৰ সুযোগ লাভ কৰিছিল। বক্সত গ’লৰক্ষকক অকলে পাইও সুযোগ লব নোৱাৰিলে এমবাপেই, অবিশ্বাস্যভাৱে লক্ষ্যভ্ৰষ্ট শ্বট মাৰে।

ইফালে অষ্ট্ৰিয়াই সমানে যুঁজ দিলে। শেষ মুহূৰ্তলৈকে তেওঁলোকে সমতা স্থাপনৰ সুযোগ ধৰি ৰাখিছিল। ফ্ৰান্সৰ ৰক্ষণ বিভাগ বাৰে বাৰে কঁপি গৈছিল। কিন্তু শেষত অষ্ট্ৰিয়াই গ’ল নাপালে। ইফালে, এমবাপে আঘাতপ্ৰাপ্ত হোৱাৰ সময়ত তেওঁৰ ঠাইত অলিভিয়াৰ জিৰ’ডে খেলিছিল। ৩৭ বছৰ আৰু ২৬১ দিন বয়সীয়া জিৰ’ডে ইউৰোত ফ্ৰান্সৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে অভিলেখ গঢ়ে।

কিন্তু তেওঁ অভিজ্ঞতাক মূল্য দিব নোৱাৰিলে, অলিভিয়াৰ জিৰ’ডে কেইবাটাও সুযোগ হেৰুৱাই পেলায়। অষ্ট্ৰিয়াৰ বিৰুদ্ধে জয়লাভ কৰি ফ্ৰান্সৰ প্ৰশিক্ষক হিচাপে ডিডিয়েৰ ডেশ্বাম্পছৰ এয়া ১০০ সংখ্যক জয়। যদিও তেওঁলোকে বৰ ভাল খেলিব পৰা নাছিল, তথাপিও তেওঁলোকে ৩ পইণ্টেৰে ইউৰোৰ আৰম্ভণি কৰিছে, যিটো ফ্ৰান্সৰ বাবে সকাহ যেনেই লাগে।