বাৰ্লিনৰ বক্সিং ৰিঙত ধুমুহা সৃষ্টিৰ বাবে সাজু অসমৰ লাভলিনা আৰু ভাগ্যৱতী

লাভলিনা বৰগোহাঁইৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

বাৰ্লিনত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ দুই তাৰকা মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই আৰু ভাগ্যৱতী কছাৰীয়ে। ইতিমধ্যে দুয়োগৰাকী বক্সাৰে ভাৰতীয় দলৰ সৈতে বাৰ্লিনত উপস্থিত হৈ প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

৪ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ বাৰ্লিনত অনুস্থিত হ’ব লগীয়া ৰাউণ্ড ৰবীন বক্সিং টুৰ্ণামেণ্টখনক আগন্তুক টকিঅ’ অলিম্পিকৰ প্ৰস্তুতি হিচাপে গণ্য কৰা হৈছে। সেয়েহে অসমৰ দুয়োগৰাকী বক্সাৰৰ ওপৰত ৰাজ্যৰ ক্ৰীড়া প্ৰেমীৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব।

ৰাউণ্ড ৰবীন বক্সিং টুৰ্ণামেণ্টখনত লাভলীনা বৰগোহাঁইয়ে মহিলাৰ ৬৯ কেজি আৰু ভাগ্যৱতী কছাৰীয়ে ৭৫ কেজি শাখাত অংশগ্ৰহণ কৰিছে। অসমৰ লাভলুিনা বৰগোহাঁইয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সিং টুৰ্ণামেণ্টত নিজৰ সবল উপস্থিতি প্ৰমান কৰিছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে বাৰ্লিনলৈ উৰা মৰাৰ পূৰ্বে সাংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত লাভলিনা বৰগোহাঁইয়ে প্ৰতিযোগিতাখনত এশ শতাংশ উজাৰি দিব বুলি কয়। ”মই এতিয়া সম্পুৰ্ণৰূপে সাজু কোনোধৰণৰ আঘাতজনিত সমস্যা নাই, অলিম্পিকৰ প্ৰস্তুতিৰ বাবে এইখন এখন উল্লেখযোগ্য প্ৰতিযোগিতা, য’ত বিশ্বৰ আগশাৰীৰ তাৰকা বক্সাৰৰ সন্মুখত নিজকে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিম”।