চিলঙৰ লাবান স্প’ৰ্টছ ক্লাবে মণিপুৰৰ য়াৰখক য়ুনাইটেড এফ চি দলক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ২৩ সংখ্যক বড়োলেণ্ড স্বৰ্ণ কাপ ফুটবল টুৰ্নামেণ্টৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
আজি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনামূলক ফাইনেল মেচখনত মণিপুৰৰ য়াৰখক য়ুনাইটেডৰ হৈ জোছেফ মায়ুওৱাইয়ে প্ৰথমাৰ্ধৰ ৩৪ মিনিটতে এটা গ’ল কৰি দলক ১-০ৰ অগ্ৰগতি দিয়ে। কিন্তু ইয়াৰ ঠিক কেইমিনিটমান পাছতে লাবান স্প’ৰ্টছ ক্লাবৰ হৈ এয়িংমুট লিংডোৰ এক সুন্দৰ গ’লৰ সহায়ত মেচখনত সমতা স্থাপন কৰে আৰু প্ৰথমাৰ্ধৰ খেল ১-১ত সমাপ্ত হয়।
ইফালে দ্বিতীয়াৰ্ধত দুয়োটা দলে তীব্ৰ আক্ৰমণাত্মক মনোভাবেৰে খেলপথাৰত নমা পৰিলক্ষিত হয় যদিও চিলঙৰ লাবান স্প’ৰ্টছ ক্লাবে ৬৪ মিনিটত এয়িংমুট লিংডোৰ ব্যক্তিগত দ্বিতীয়টো গ’লৰ সহায়ত ২-১ৰ অগ্ৰগতি ল’বলৈ সক্ষম হয়। আৰু এইদৰে ২-১ৰ ব্যৱধানত বিজয়ী হয় লাবান স্প’ৰ্টছ ক্লাব।
উল্লেখ্য যে সদৌ বড়ো ছাত্ৰ সন্থাৰ ডিমাকুছি আঞ্চলিক সমিতি আৰু ডিমাকুছি স্প’ৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত আয়োজন কৰা বড়োলেণ্ড স্বৰ্ণ কাপ ফুটবল টুৰ্নামেণ্টখনৰ সামৰণি অনুষ্ঠানত বিটিচিৰ উপ প্ৰধান কাম্পা বৰগয়াৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ৰঞ্জন দৈমাৰী, জগদীশ সৰকাৰৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
২৩ সংখ্যক বড়োলেণ্ড স্বৰ্ণ কাপ ফুটবল টুৰ্নামেণ্টৰ চেম্পিয়ন দল চিলঙৰ লাবান স্প’ৰ্টছ ক্লাবক এটা ট্ৰফীৰ লগতে ৫০ হেজাৰ টকাৰ চেক আৰু বিজিত দলকো এটা ট্ৰফী আৰু নগদ ৩০ হেজাৰ টকাৰ চেক প্ৰদান কৰে।