NORTHEAST NOW (Assamese)

গোমৰফাক! পাকিস্তানৰ পৰা টকা লৈ ভাৰতৰ বিৰোধিতা ব্ৰিটিছ সাংসদৰ

July 20, 2020 11:12 am · এন ই নাও নিউজ

টকাত ঘূৰিছে ভূমণ্ডল। টকাৰে যেন এতিয়া নৈতিকতা,সততা সকলো কিনিব পৰা হৈছে।

অৱশ্যে বহুতৰে ক্ষেত্ৰত কথাষাৰ প্ৰযোজ্য নহ’লেও এগৰাকী ব্ৰিটিছ সাংসদৰ ক্ষেত্ৰত যেন কথাষাৰ খাজে-খাপে মিলি গৈছে।

ব্ৰিটিছ সাংসদ গৰাকী হৈছে লেবাৰ পাৰ্টীৰ সাংসদ ডেবি আব্ৰাহাম।

অভিযোগ উঠা অনুসৰি এই গৰাকী ব্ৰিটিছ সাংসদে পাকিস্তানৰ পৰা টকা লৈ তীব্ৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৭ তাৰিখে ডেবি আব্ৰাহাম আহিছিল ভাৰতলৈ।

কিন্তু ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে তেওঁক দিল্লীৰ বিমান বন্দৰৰ পৰাই পুনৰ ওভতাই পঠিওৱা হৈছিল ব্ৰিটেইনলৈ।

ডেবি পিছে উভতি যোৱা নাছিল ব্ৰিটেইনলৈ।

ইয়াৰ বিপৰীতে ১৮ফেব্ৰুৱাৰীত তেওঁ গৈছিল পাকিস্তানলৈ।

ডেবি অল পাৰ্টী পাৰ্লিয়ামেন্টৰী গ্ৰুপ অন কাশ্মীৰৰ নেতৃত্বত থকা ব্যক্তি।

সেয়ে কাশ্মীৰত ভাৰতে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন কৰা বুলি তেওঁ বিশ্বক পতিয়ন নিয়াব বিচাৰি আহিছে।

শেহতীয়াকৈ সংবাদ মাধ্যমে ফাদিল কৰা তথ্য অনুসৰি ডেবিয়ে পাকিস্তান ভ্ৰমণৰ বাবদ পাক চৰকাৰৰ পৰা লৈছে ১৭ হাজাৰ ৯১৭ মাৰ্কিন ডলাৰ।

ইয়াৰ বিনিময়ত ডেবিয়ে কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰতে সুৰ মিলাই কথা কৈ আহিছে।

ভাৰতৰ সৈতে বৰ্তমান ব্ৰিটেনৰ সম্পৰ্ক মধুৰ।

ইমানৰ পিছতো দেশখনৰ এগৰাকী সাংসদে এনে স্থিতি গ্ৰহণ কৰাত এতিয়া আচৰিত হৈছে সকলোৱে।

Related News