বীৰ লাচিত সেনাৰ বিৰুদ্ধে লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ লাচিত সেনাৰ

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এসময়ত সক্ৰিয় সংগঠনৰ ৰহস্যজনক নীৰৱতাক লৈ প্ৰশ্ন লাচিত সেনাৰ

Lachit Sena press meet

টীয়কত লাচিত সেনাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

এসময়ত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰা একাংশ সংগঠনৰ অতি সম্প্ৰতি ৰহস্যজনক নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাচিত সেনাই।

টীয়কত এক সংবাদ মেল সম্বোধন কৰি লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱাই কয় যে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে যিসমূহ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই সংগঠন সমূহৰ প্ৰতিবাদ স্থবিৰ হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি এন এইচ পি চিয়ে নদী বান্ধ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে।

সেয়ে লাচিত সেনাই নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিছে।

ইপিনে শেহতীয়াকৈ বিতৰ্কৰ মাজত সোমাই পৰা বীৰ লাচিত সেনাক সমালোচনা কৰা একাংশই লাচিত সেনাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা প্ৰসংগ অবতাৰণা কৰি লাচিত সেনাৰ সেনাধ্যক্ষ বৰুৱাই কয় বীৰ লাচিত সেনা এটা চৰকাৰী পঞ্জীয়ন ভুক্ত সংগঠন। লাচিত সেনা এনেধৰণৰ সংগঠন নহয়।

তাৎপৰ্যপূৰ্ণভাৱে  লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ নামত যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি প্ৰদান কৰা অনিৰ্ধাৰিত পুজিৰে বীৰ লাচিত সেনাই আজিও লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে লাচিত সেনাই। সংগঠনটোৱে শীঘ্ৰে ইয়াৰ এক উপযুক্ত তদন্তৰ দাবী জনাইছে ।

বঙালী সম্প্ৰদায়ৰ প্ৰতি বীৰ লাচিত সেনাৰ এজন নেতাই কৰা আষ্ফালনে বৰ অসমৰ সংহতি বিনষ্ট কৰিব বুলি কৈ কোনো এজন বঙালী সম্প্ৰদায়ৰ লোকৰ বাবে সমগ্ৰ বঙালী জাতিক আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয় বুলি ব্যক্ত কৰে।

উল্লেখযোগ্য যে লাচিত সেনাৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্হবাক সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বেলিকা চৰকাৰৰ থেৰু-গেৰু নীতিৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে এই ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।

তদুপৰি, কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ লগতে ধান উচিত মূল্য যাতে কৃষকসকলে লাভ কৰে তাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।