NORTHEAST NOW (Assamese)

লাচিত দ্য ৱাৰিয়ৰ : ১৭ সংখ্যক অযোধ্যা চলচ্চিত্ৰ মহোৎসৱত লাভ কৰিলে শ্ৰেষ্ঠ এনিমেচন ছবিৰ সন্মান 

December 13, 2023 8:41 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 13, 2023 8:45 pm

অসমৰ চিনেমা উদ্যোগটোলৈ এটা ভাল খবৰ। ২০২৩ চনৰ ১৭ সংখ্যক অযোধ্যা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে ‘লাচিত দ্য ৱাৰিয়ৰ’-এ।

পাৰ্থসাৰথি মহন্তৰ ৰচনা আৰু পৰিচালনা, মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছিল ‘লাচিত দ্য ৱাৰিয়ৰ’ নামৰ এনিমেচন ছবিখন। 

মহান অসমীয়া সেনা নায়ক লাচিত বৰফুকনৰ জীৱন আৰু অৱদানৰ বিষয়ত নিৰ্মিত এই চুটি ছবিখনে দেশ আৰু বিদেশৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বিশেষ সমাদৰ লাভ কৰিছে।

লাচিত দ্য ৱাৰিয়ৰত কথন ড° অমৰিয়তি চৌধুৰী আৰু সংগীত ৰূপম তালুকদাৰৰ। 

অনুপম মহন্তৰ সৃষ্টিশীল পৰিচালক, চিত্ৰনাট্য হৃষিকেশ বৰাৰ আৰু ভিএফএক্স ৰাতুল দত্তৰ।

Related News