নাগ্ৰীজুলিত অব্যাহত লাডেনৰ তাণ্ডৱ; বুধবাৰে নিশাও বাগিচা লাইনত চলায় তাণ্ডৱ

বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নাগ্ৰীজুলিত শেহতীয়াকৈ ১৫ দিন ধৰি লাডেনে সন্ত্ৰাস অব্যাহত ৰাখিছে।

মঙলবাৰে নিশা প্ৰায় ১১ মান বজাত লাডেনে নাগ্ৰীজুলি চাহ বাগিচাৰ ৬ নম্বৰ লাইনত প্ৰৱেশ কৰি এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰে। ইফালে লাডেনে প্ৰৱেশ কৰা বুলি স্থানীয় লোকে জানিব পাৰি নিজৰ প্ৰাণ বচাবলৈ নিশাই ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মাৰে।

আনহাতে হাতীটোৱে শ্ৰমিক লাইনটোত প্ৰৱেশ কৰিয়েই অমিত কুমাৰ, বিৰ্জু বৰুৱা, আৰমানচাই এক্কা, বির্চা ওৰাং, ভীমচাই তিৰকী আৰু ৰিচাৰ্ড মিঞ্জ নামৰ চাহ শ্ৰমিক কেইজনৰ কেইবাটাও ঘৰ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰাৰ লগতে ঘৰৰ ভিতৰৰ বয়-বস্তুও নষ্ট কৰে।

ইপিনে লাডেনে বাগিচা লাইনত তাণ্ডৱ সৃষ্টি কৰা বুলি অৱগত হোৱাত নিশাই বন বিভাগৰ বিষয়া মতি ওজাৰ নেতৃত্বত বনকৰ্মীৰ দল এটা নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং লাইনত উপস্থিত হয়। আৰু স্থানীয় লোকৰ সহযোগত ফটকা ফুটাই, জুই জ্বলাই বহু সময়ৰ মূৰত হাতীটোক উক্ত স্থানৰ পৰা খেদি পঠিয়বলৈ সক্ষম হয়।

আনহাতে আজি নাগ্ৰীজুলি আৰক্ষী চকীৰ আউটপ’ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটো পৰ্যৱেক্ষণ কৰে।

তাৰোপৰি তামুলপুৰ ফৰেষ্ট ৰেঞ্জৰ ৰেঞ্জাৰ কেশৱ মহন্তই এটা বেচৰকাৰী সংগঠনক গাওঁবাসীৰ সুৰক্ষাৰ বাবে মাতি অনা হৈছে আৰু তেওঁলোকে গাওঁ হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাত গাওঁবাসীক সহায় কৰিব।

উল্লেখযোগ্য যে এই লাডেন নামৰ বনৰীয়া মখনা হাতীটোৱে মঙলবাৰেও ৰঘু মুণ্ডা আৰু সম্ভু বডো নামৰ দুজনকৈ লোকৰ প্ৰাণ লৈছিল।