কলেজ বিল্ডিঙৰ পৰা পৰি মৃত্যুক সাবটি লোৱা নাছৰিন কাউছাৰৰ ঘটনাৰ তদন্ত বিচাৰি প্ৰতিবাদী সমদল

যোৱা ২২ ছেপ্টেম্বৰ, শনিবাৰে হোজাইস্থিত মৰিয়ম আজমল উইমেন্স কলেজ অব চায়েন্স এণ্ড টেকন’লজিত অধ্যয়নৰত মেধাৱী ছাত্ৰী নাছৰিন কাউছাৰৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি আজি লাহৰীঘাটত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকগৰ লগতে স্থানীয় ৰাইজে এক প্ৰতিবাদী সমদল উলিয়াই।

উল্লেখযোগ্য যে ২২ ছেপ্টেম্বৰৰ দিনা লাহৰীঘাটৰ টেঙাগুৰিৰ নাছৰিন কাউছাৰ নামৰ মেধাৱী ছাত্ৰী গৰাকীয়ে কলেজখনৰ বিল্ডিঙৰ পৰা পৰি মৃত্যুক সাবটি লৈছিল।

কিন্তু মেধাৱী ছাত্ৰী গৰাকীৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে ছাত্ৰী গৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে।  আনকি তেওঁলোকে কলেজ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো আত্মহত্যাৰ ৰূপ দিয়া বুলিও অভিযোগ উত্থাপন কৰে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি মেধাৱী ছাত্ৰী গৰাকীয়ে বিল্ডিঙৰ পৰা নিজে জঁপিওৱা হ’লে দেহৰ বিভিন্ন অংশত আগাতৰ স্পষ্ট চিন থাকিলে হেতেন। কিন্তু নাছিৰৰ মৃতদেহত কোনো ধৰণৰ আঘাতৰ চিন নাই। গতিকে পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

ফলত আজি মিঞা পৰিষদৰ উদ্যোগত লাহৰীঘাট মহাবিদ্যালয়ৰ সহযোগত লাহৰীঘাট বজাৰৰ পৰা লাহৰীঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই।

প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে ‘নাৰী হত্যা বন্ধ কৰক, শিক্ষাৰ্থীক সুৰক্ষা দিয়ক, নাছৰিন কাউছাৰৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্তৰ ব্যৱস্থা কৰক’ আদি প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে।

আৰু পিছত প্ৰতিবাদকাৰী সকলে লাহৰীঘাট চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, মৰিগাঁও জিলা উপায়ুক্ত আৰু মৰিগাঁও জিলা আৰক্ষী অধীক্ষকলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।