বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

ভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলী তামুলপুৰত অহা ১১ , ১২ আৰু ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন ।

এক মংগলিক পৰিৱেশত বুধবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।

লাইখুঁটা স্থাপন কৰি দিয়া ভাষণত অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সৰ্বস্তৰৰ ৰাইজক বড়োৱে আহ্বান জনায় ।

অনুষ্ঠানত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো , সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো , বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস , ৰনেন্দ্ৰ নাৰ্জাৰী , দাওবৈছা বড়ো আদিকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ ।

বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্যৰ উত্তৰণ আৰু বিকাশৰ বাবে বড়ো সাহিত্য সভাই কাম কৰি যাব বুলি মন্তব্য কৰে ।