ৰহাত অসম সাহিত্য সভাৰ বিশেষ অধিৱেশনৰ লাইখুঁটা স্থাপন

14-12-18 Raha- Laying Laikhuta (3)

শুকুৰবাৰে ৰহাত অসম সাহিত্য সভাৰ বিশেষ অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠান। ফটো : ইউ বি

মধ্য অসমৰ ৰহাত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশন। অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অধিৱেশনৰ লাইখুঁটা ৰহাৰ বাটমাৰী পথাৰৰ জোঙাল বলহু ক্ষেত্ৰত শুকুৰবাৰে এক মাংগলিক কাৰ্যসূচীৰে মাজেৰে স্থাপন কৰা হয়।

নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট গৱেষক ড০ নৰেন কলিতাই বিশেষ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে। উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ বিষয়ববীয়া, জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়াসকল, মূল আদৰণি সমিতিৰ সদস্যসকল আৰু ৰহাৰ বিশিষ্ট নাগৰিকসকলৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোক উপস্থিত থাকে।

সৰ্বধৰ্ম প্ৰাৰ্থনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে। লাইখুঁটা স্থাপনৰ এই অনুষ্ঠানলৈ ৰাইজৰ ব্যাপক সঁহাৰিৰ লগতে উছাহ পৰিলক্ষিত হয়।

অসম সাহিত্য সভাৰ উপ-সভাপতি ড০ হেমন্ত কুমাৰ বৰুৱাৰ পৌৰোহিত্যত সম্পন্ন হোৱা অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো আৰু তিৱা সাহিত্য সভাৰ সভাপতি লালচিং মাদাৰ।