লখিমপুৰ খেৰী হত্যাকাণ্ড গোচৰৰ ৰায়ৰ বাবে সময় বিচাৰিলে আদালতে: গোচৰক গুৰুতৰ আখ্যা উচ্চতম ন্যায়ালয়ৰ

Lakhimpur Kheri Case

বিগত বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক কাণ্ডৰ আদেশ ঘোষণাৰ বাবে কিছুদিনৰ সময় বিচাৰিছে লখিমপুৰৰ সত্ৰ ন্যায়ালয়ে। ইফালে উচ্চতম ন্যায়ালয়েও সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশক বিচাৰ সম্পূৰ্ণ কৰাৰ অস্থায়ী সময়সূচী নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে।

শীৰ্ষ ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন আবেদনৰ বিৰোধিতা কৰি খেৰী হত্যাকাণ্ড গোচৰক গুৰুতৰ বিষয় বুলি অভিহিত কৰে আৰু কৃষকক মহতীয়াই নিয়া বাহনখনত থকা তিনিগৰাকী আৰোহীৰ হত্যাৰ দ্বিতীয় গোচৰৰ স্থিতি সন্দৰ্ভত এখন শপতনামা দাখিল কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছে।

ন্যায়াধীশ সূৰ্য কান্ত আৰু কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে আজি কয়, “আমি চাব লাগিব যে এবছৰতকৈও অধিক সময় কাৰাগাৰৰ ভিতৰত থকা অভিযুক্তজনৰো অধিকাৰ আছে। এতিয়া অভিযোগপত্ৰ দাখিল কৰা হৈছে আৰু অভিযোগ প্ৰস্তুত কৰা হৈছে। গোচৰৰ ভুক্তভোগী আৰু সাক্ষীসকলৰো অধিকাৰ আছে। আনকি সমাজৰো গোচৰটোৰ প্ৰতি আগ্ৰহ আছে। এতিয়া, আমি গোচৰটোৰ সকলো পক্ষৰ অধিকাৰ সন্তুলিত কৰিব লাগিব।”

আগন্তুক বৰ্ষৰ ১১ জানুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

উল্লেখ্য যে যোৱা ৬ডিচেম্বৰত বিচাৰ আদালতে এই গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰসহ আন ১২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি আন কেইবাটাও অপৰাধৰ অভিযোগ আৰোপ কৰিছিল। ইয়াৰ ফলত গোচৰৰ বিচাৰ আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছিল।

আদালতে লগতে আশীষ মিশ্ৰৰ লগতে এই হত্যাকাণ্ডৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে বিচাৰ চলোৱা হ’ব বুলি নিশ্চিত কৰিছিল। উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ আদেশক ৰদ কৰি আশীষ মিশ্ৰক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়াৰ পিছত যোৱা ২৪ এপ্ৰিলত মিশ্ৰই ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী অঞ্চলত গাড়ীৰে মহতীয়াই ৪ জন প্ৰতিবাদকাৰী কৃষকক হত্যা কৰিছিল বুলি অভিযোগ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

এলাহাবাদ উচ্ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে খেৰীত নিহত কৃষক সকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত ১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন বাতিল কৰি এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এক শুনানিৰ সময়ত, শীৰ্ষ আদালতে মিশ্ৰাক জামিন প্ৰদান কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ২৪ এপ্ৰিলত পুনৰ আত্মসমৰ্পণ কৰিছিল আশীষ মিশ্ৰই। ইয়াৰ পাছতো আশীষ মিশ্ৰই কেইবাবাৰো জামিন আবেদন দাখিল কৰিছিল যদিও তেওঁৰ আবেদন নাকচ কৰি আহিছে আদালতে।