NORTHEAST NOW (Assamese)

বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে হাজোৰ ৰাজপথত লাখে লাখে টকা জব্দ

March 24, 2021 11:12 am · মৃদুল প্ৰীতম ডেকা
ফটো: নৰ্থইষ্ট নাও।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাজোত উজান উঠিছে টকাৰ। জব্দ হৈছে লাখে লাখে নগদ ধন।

নিৰ্বাচনী অধিসূচনা জাৰি থকাৰ সময়তে হাজোৰ ৰাজপথত মঙলবাৰে বিলাসী বাহনত আৰক্ষী আৰু এছ এছ টি বাহিনীয়ে জব্দ কৰে মুঠ ৬ লাখ ২০ হাজাৰ নগদ ধন।

গুৱাহাটীৰ পৰা মুকালমুৱা অভিমূখে আহি থকা অৱস্থাত হাজোৰ পতনিত  AS-01-ES-2714 নম্বৰৰ এখন বেলেন’ বাহনৰ পৰা জব্দ কৰা হয় ধনখিনি।

উক্ত বাহনখনেৰে ছামচুল হক নামৰ মুকালমুৱাৰ এজন ব্যক্তিয়ে এই নগদ ধনখিনি কঢ়িয়াই লৈ আহিছিল।

আৰক্ষী আৰু এছ এছ টি বাহিনীৰ লোকে তালাচী চলাই ৬ লাখ ২০ হাজাৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।

উপযুক্ত নথি পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে আৰক্ষী আৰু এছ এছ টি বাহিনীয়ে জব্দ কৰে ধন খিনি।

উল্লেখ্য যে, হাজো-গুৱাহাটী ৰাজপথত কিছুদিন পূৰ্বেও জব্দ হৈছিল বৃহৎ পৰিমাণৰ নগদ ধন।

Related News