NORTHEAST NOW (Assamese)

দেশ-বিদেশৰ লক্ষাধিক লোকৰ সমাগমেৰে মাৰ্ঘেৰিটাত ‘পয় লং’ উদযাপন

January 21, 2019 8:07 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটাৰ ঐতিহাসিক ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ (ভান্তে) ৱাৰ্নাচাৰ মহাথেৰা পৰিনিৰ্বাণ প্ৰাপ্তিৰ উপলক্ষে ২০ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত ‘পয় লং’ (ৰথোৎসৱ) উপলক্ষে ডিবং চিংফৌ গাঁ‌ৱত উত্তৰ-পূবৰ লগতে দেশ-বিদেশৰ লক্ষাধিক লোকে লোকাৰণ্য হৈ পৰিছে।

জনপ্ৰিয় ধৰ্মগুৰু জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে থাইলেণ্ড, ম্যানমাৰ, শ্ৰীলংকাৰ উপৰিও দেশ-বিদেশৰ প্ৰায় ৩ লক্ষাধিক ভক্তপ্ৰাণ লোক উপস্থিত হোৱা আজিৰ দ্বিতীয় দিনাৰ অনুষ্ঠানত অৰুণাচলৰ উপ-মুখ্য মন্ত্ৰী চাওনা মীন উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সভাপতি তথা মাৰ্ঘেৰিটাৰ ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ ( ভান্তে) ৱাৰ্নাচাৰা ভীক্ষুয়ে যোৱা বৰ্ষৰ ২২মে’ত ডিবং বৌদ্ধ মন্দিৰত শেষ নিশ্বাস ত্যাগ কৰিছিল। ১৯৩৬ চনৰ ২৩ এপ্ৰিলত জন্ম লাভ কৰা ধৰ্মগুৰু গৰাকীয়ে শ্ৰীলংকা আৰু বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি দৰঙ্গ সংস্কৃত বিশ্ব-বিদ্যালয়ৰ পৰা আচাৰ্যৰ উপাধি আৰু মগধ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

তেওঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অন্তৰ্গত ডিবং বৌদ্ধ মন্দিৰত অধ্যক্ষ হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰি অসম আৰু অৰুণাচলৰ লগতে বিদেশতো বৌদ্ধ ধৰ্ম্মৰ বাণী বিলাইছিল। তেওঁক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰেও সম্মান জনাইছিল।

আজি ‘পয় লেং’ উপলক্ষে উদযাপন সমিতিৰ সভাপতি ৱৰধৰ্ম ভীক্ষুৰ সভাপতিত্বত এখন ধৰ্ম সভা অনুষ্ঠিত হয়। উত্তৰ-পূবৰ বহুকেইজন ধৰ্মগুৰু তথা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়।

Related News