ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা: প্ৰেমজনিত কাৰণত আত্মহত্যাৰ সন্দেহ
এক আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী। গুৱাহাটীৰ মালিগাঁও স্থিত ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰৰ আত্মহত্যাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
শান্তিপুৰৰ ৰেজাক ছাত্ৰাবাসত আত্মহত্যা কৰিছে ছাত্ৰগৰাকীয়ে। এই চৰম পথ বাচি লোৱা ছাত্ৰগৰাকীক আব্দুল জাহিদ বুলি চিনাক্ত কৰা হৈছে।
মৃত জাহিদৰ ঘৰ কৰিমগঞ্জত বুলি জানিব পৰা গৈছে। ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল আব্দুল।
লক্ষণীয়ভাৱে জন্মসূত্ৰে নগালেণ্ডৰ বাসিন্দা আব্দুলৰ ভাষাৰ সমস্যাৰ প্ৰায়ে অকলশৰে আছিল বুলি জানিব পৰা গৈছে।
প্ৰেম জনিত কাৰণতে আব্দুলে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে সহপাঠীসকলে। ইফালে আৰক্ষীয়ে উদ্ধাৰ কৰা চুইছাইড নোটত এগৰাকী যুৱতীৰ নাম উল্লেখ আছে বুলিও জানিব পৰা গৈছে।
পুৱতি নিশালৈ আব্দুলে উক্ত যুৱতী গৰাকীৰ সৈতে ফোনত বাৰ্তালাপৰ তথ্য লাভ কৰিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।