• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় আৰক্ষীৰ লোকৰ লগতে গৃহমন্ত্ৰী আৰু ডিজিপিয়েও এই কিতাপখন পঢ়া উচিত? ললিত গগৈৰ ফেচবুক প’ষ্ট

ললিত গগৈ by ললিত গগৈ
June 30, 2023 11:30 am
কিয় আৰক্ষীৰ লোকৰ লগতে গৃহমন্ত্ৰী আৰু ডিজিপিয়েও এই কিতাপখন পঢ়া উচিত? ললিত গগৈৰ ফেচবুক প’ষ্ট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বনামধন্য জ্ঞানদাভিৰাম বৰুৱাই বেৰিষ্টাৰী পঢ়িবলৈ গৈ লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত কৈছিল- অসম পুলিচো লণ্ডনৰ আৰক্ষীৰ দৰেই অত্যন্ত ভদ্ৰ ; নম্ৰ ; শিষ্ট ; বিনয়ী ; দায়িত্বসম্পন্ন আৰু সৰ্বসাধাৰনৰ হিতৰ বাবে উৎসৰ্গিত হওক । কিন্ত সেই আশা দুৰাশাত পৰিনত । বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত অসম আৰক্ষীৰ যিকন অৱশিষ্ট ভাবমূৰ্তি আছিল সেয়াও লোপ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত । ডিজিপি জি-পি-সিঙৰ শেহতীয়া টুইটটোৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে আৰক্ষী লোকৰ বাবে মন্দিৰস্বৰূপ আৰু নাগৰিকৰ বাবে নিৰাপত্তাৰ আলয় হব লগা থানাবোৰেই এতিয়া চয়তানৰ ৰূপ লৈছে । ঘগ্ৰাপাৰ থানাৰ ইন্সপেক্টৰজনৰ কৰ্ম-কাণ্ডই সমগ্ৰ আৰক্ষী বাহিনীটোৰে নাক-কান কাটিলে । আৰক্ষীৰ গৌৰৱোজ্বল ভাবমূৰ্তি অটুত ৰখাৰ বাবে তেওঁ সকলোপ্ৰকাৰে চেষ্ঠা কৰিব আৰু থানাসমূহ শিশু-মহিলা তথা নাগৰিকৰ বাবে নিৰাপদ আশ্ৰয় স্থল হোৱাতো নিশ্চিত কৰিব বুলি একপ্ৰকাৰ ক্ষমা ভিক্ষা মাগিব লগা হৈছে । ইয়াৰ আগতে কোনো ডিজিপিয়ে এনে অনাহুত পৰিস্থিতি আৰু অসহায় অৱস্থাৰ সন্মুখীন হোৱাৰ নজীৰ আছেনে ! এশবাৰ কম- অসম আৰক্ষীৰ এই দুখ লগা পৰিনতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া । আৰক্ষী বাহিনীটোক আইনৰ অধীনত পৰিচালিত হবলৈ সুবিধা নিদি ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে নচুৱাবলৈ যোৱাৰ ফল এয়া । আৰক্ষীৰ নতুন পেৰ্টানৰ নামত ভুৱা এনকাউণ্টাৰ ; বুলডেজাৰ অভিযানৰ কথা নকওঁৱেই ; জামিন পোৱা অভিযুক্তৰ বিৰুদ্ধে নতুনকৈ গোচৰ পঞ্জীয়ন ; নতুন ধাৰা লগাই গ্ৰেপ্তাৰ ; কাৰাবন্দীক মোকলাই দিয়াৰ দৰে নিৰ্দেশো তেওঁ দিবলৈ ললে ৰজাৰ দৰে । আৰক্ষীৰ ওপৰত ৰাজনৈতিক হস্তক্ষেপ আৰু পুলিচৰাজৰ বিষম পৰিনামৰ কথা বৰপেটাৰ ন্যায়াধীশগৰাকীয়ে জিগনেশ মেৱানীৰ গোচৰৰ ক্ষেত্ৰতে কঠোৰভাবে সকীয়াই দিয়া নাছিলনে ! আৰক্ষী বাহিনীক নাকী লগাবলৈ তেওঁ তেতিয়াই দিহা-পৰামৰ্শ দিয়া নাছিলনে ! শেহতীয়াকৈ ৰোহিনী সিঙৰ টুইটেও অসম আৰক্ষীৰ ভাবমূৰ্তি কি সেয়া প্ৰমান কৰা নাছিলনে ! এগৰাকী আৰক্ষী বিষয়াৰ পত্নী অঞ্জু বৰাই কংগ্ৰেছ চৰকাৰৰ আমোলত আৰক্ষী আৰু জনসাধাৰনৰ মাজত সম্পৰ্ক কেনে হব লাগে তাৰ ওপৰত বিশদ আলোচনাসম্বলিত তলৰ কিতাপখন প্ৰকাশ কৰিছিল ; যত জ্ঞানানন্দ শৰ্মা পাঠক ; হৰেকৃষ্ণ ডেকা ; বিনয়ৰঞ্জন দাস ; আব্দুল কুদ্দুছ ; অমৰেন্দ্ৰ বৰগোহাঁই ; সুৰেন্দ্ৰ কুমাৰৰ দৰে আৰক্ষী বিষয়াই আৰক্ষী বাহিনী আৰু জনসাধাৰনৰ মাজত সম্পৰ্ক কেনে হোৱা উচিত তাৰ ওপৰত টোকা লিখি থৈছে । আইনৰ কিতাপ পিচে-পৰেও পঢ়িব ; পোনতে আৰক্ষী লোকসকলে এই কিতাপখনকে পঢ়ক । তেতিয়াও আৰক্ষী বাহিনীৰ লোকসকলৰ কিছু জ্ঞান হব আৰু হ্নত মান-মৰ্যদা ঘূৰি আহিব । ক্ষমতা আছে বাবেই নিজকে সৰ্বজান্তা জাহিৰ কৰাৰ সলনি গৃহ মন্ত্ৰী আৰু ডিজিপিয়েও কিতাপখন পঢ়া ভাল ।

ললিত গগৈ

ললিত গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am
দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

August 24, 2025 8:25 am
জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে ৬খন চাবমেৰিন নিৰ্মাণ কৰিব ভাৰতে, অচিৰেই স্বাক্ষৰিত হ’ব চুক্তি

জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে ৬খন চাবমেৰিন নিৰ্মাণ কৰিব ভাৰতে, অচিৰেই স্বাক্ষৰিত হ’ব চুক্তি

August 24, 2025 7:29 am
মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am
দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

August 24, 2025 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd