• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় আৰক্ষীৰ লোকৰ লগতে গৃহমন্ত্ৰী আৰু ডিজিপিয়েও এই কিতাপখন পঢ়া উচিত? ললিত গগৈৰ ফেচবুক প’ষ্ট

ললিত গগৈ by ললিত গগৈ
June 30, 2023 11:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বনামধন্য জ্ঞানদাভিৰাম বৰুৱাই বেৰিষ্টাৰী পঢ়িবলৈ গৈ লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত কৈছিল- অসম পুলিচো লণ্ডনৰ আৰক্ষীৰ দৰেই অত্যন্ত ভদ্ৰ ; নম্ৰ ; শিষ্ট ; বিনয়ী ; দায়িত্বসম্পন্ন আৰু সৰ্বসাধাৰনৰ হিতৰ বাবে উৎসৰ্গিত হওক । কিন্ত সেই আশা দুৰাশাত পৰিনত । বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত অসম আৰক্ষীৰ যিকন অৱশিষ্ট ভাবমূৰ্তি আছিল সেয়াও লোপ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত । ডিজিপি জি-পি-সিঙৰ শেহতীয়া টুইটটোৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে আৰক্ষী লোকৰ বাবে মন্দিৰস্বৰূপ আৰু নাগৰিকৰ বাবে নিৰাপত্তাৰ আলয় হব লগা থানাবোৰেই এতিয়া চয়তানৰ ৰূপ লৈছে । ঘগ্ৰাপাৰ থানাৰ ইন্সপেক্টৰজনৰ কৰ্ম-কাণ্ডই সমগ্ৰ আৰক্ষী বাহিনীটোৰে নাক-কান কাটিলে । আৰক্ষীৰ গৌৰৱোজ্বল ভাবমূৰ্তি অটুত ৰখাৰ বাবে তেওঁ সকলোপ্ৰকাৰে চেষ্ঠা কৰিব আৰু থানাসমূহ শিশু-মহিলা তথা নাগৰিকৰ বাবে নিৰাপদ আশ্ৰয় স্থল হোৱাতো নিশ্চিত কৰিব বুলি একপ্ৰকাৰ ক্ষমা ভিক্ষা মাগিব লগা হৈছে । ইয়াৰ আগতে কোনো ডিজিপিয়ে এনে অনাহুত পৰিস্থিতি আৰু অসহায় অৱস্থাৰ সন্মুখীন হোৱাৰ নজীৰ আছেনে ! এশবাৰ কম- অসম আৰক্ষীৰ এই দুখ লগা পৰিনতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া । আৰক্ষী বাহিনীটোক আইনৰ অধীনত পৰিচালিত হবলৈ সুবিধা নিদি ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে নচুৱাবলৈ যোৱাৰ ফল এয়া । আৰক্ষীৰ নতুন পেৰ্টানৰ নামত ভুৱা এনকাউণ্টাৰ ; বুলডেজাৰ অভিযানৰ কথা নকওঁৱেই ; জামিন পোৱা অভিযুক্তৰ বিৰুদ্ধে নতুনকৈ গোচৰ পঞ্জীয়ন ; নতুন ধাৰা লগাই গ্ৰেপ্তাৰ ; কাৰাবন্দীক মোকলাই দিয়াৰ দৰে নিৰ্দেশো তেওঁ দিবলৈ ললে ৰজাৰ দৰে । আৰক্ষীৰ ওপৰত ৰাজনৈতিক হস্তক্ষেপ আৰু পুলিচৰাজৰ বিষম পৰিনামৰ কথা বৰপেটাৰ ন্যায়াধীশগৰাকীয়ে জিগনেশ মেৱানীৰ গোচৰৰ ক্ষেত্ৰতে কঠোৰভাবে সকীয়াই দিয়া নাছিলনে ! আৰক্ষী বাহিনীক নাকী লগাবলৈ তেওঁ তেতিয়াই দিহা-পৰামৰ্শ দিয়া নাছিলনে ! শেহতীয়াকৈ ৰোহিনী সিঙৰ টুইটেও অসম আৰক্ষীৰ ভাবমূৰ্তি কি সেয়া প্ৰমান কৰা নাছিলনে ! এগৰাকী আৰক্ষী বিষয়াৰ পত্নী অঞ্জু বৰাই কংগ্ৰেছ চৰকাৰৰ আমোলত আৰক্ষী আৰু জনসাধাৰনৰ মাজত সম্পৰ্ক কেনে হব লাগে তাৰ ওপৰত বিশদ আলোচনাসম্বলিত তলৰ কিতাপখন প্ৰকাশ কৰিছিল ; যত জ্ঞানানন্দ শৰ্মা পাঠক ; হৰেকৃষ্ণ ডেকা ; বিনয়ৰঞ্জন দাস ; আব্দুল কুদ্দুছ ; অমৰেন্দ্ৰ বৰগোহাঁই ; সুৰেন্দ্ৰ কুমাৰৰ দৰে আৰক্ষী বিষয়াই আৰক্ষী বাহিনী আৰু জনসাধাৰনৰ মাজত সম্পৰ্ক কেনে হোৱা উচিত তাৰ ওপৰত টোকা লিখি থৈছে । আইনৰ কিতাপ পিচে-পৰেও পঢ়িব ; পোনতে আৰক্ষী লোকসকলে এই কিতাপখনকে পঢ়ক । তেতিয়াও আৰক্ষী বাহিনীৰ লোকসকলৰ কিছু জ্ঞান হব আৰু হ্নত মান-মৰ্যদা ঘূৰি আহিব । ক্ষমতা আছে বাবেই নিজকে সৰ্বজান্তা জাহিৰ কৰাৰ সলনি গৃহ মন্ত্ৰী আৰু ডিজিপিয়েও কিতাপখন পঢ়া ভাল ।

Apply Now
ললিত গগৈ

ললিত গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd