ক্ষমতা সলনি হোৱাৰ পিছতেই পাটনাৰ ইডিৰ কাৰ্যালয়ত হাজিৰ লালু, জেৰা হ’ব ‘লেণ্ড ফ’ৰ জব’ গোচৰৰ

বিহাৰত ক্ষমতা সলনি হোৱাৰ ঠিক পিছতেই পাটনাৰ ইডি কাৰ্যালয়ত হাজিৰ হ’বলগা হ’ল আৰজেডিৰ শীৰ্ষ নেতা লালু প্ৰসাদ যাদৱ। সোমবাৰে পুৱা তেওঁ ইডিৰ কাৰ্যালয়লৈ যায়। 

জানিব পৰা মতে, ‘Land for Job’ গোচৰত তেওঁক জেৰা কৰা হ’ব। এই গোচৰৰ আনজন অভিযুক্ত লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতীও গৈছে ইডইৰ কাৰ্যালয়লৈ। এই গোচৰত ৰোজ এভিনিউ আদালতত ইডিয়ে অভিযোগনামা দাখিল কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৯ ফেব্ৰুৱাৰীত।

সোমবাৰে পুৱা ৰাবৰি দেৱীৰ ঘৰত হাজিৰ হয় ইডিৰ বিষয়া। ইয়াৰ পিছত লালুপ্ৰসাদ যাদৱে কয় যে জেৰা ইডিৰ কাৰ্যালয়তে কৰিব লাগে। সেয়ে ইডিৰ কাৰ্যালয়লৈ গৈ জেৰাৰ সন্মুখীন হ’ব তেওঁলোক। ইয়াৰ কিছু সময়ৰ পাছত লালুপ্ৰসাদ কন্যা মিছা ভাৰতীৰ সৈতে ইডি অফিচত হাজিৰ হয়। 

ইডিৰ কাৰ্যালয়ৰ বাহিৰত লালুপ্ৰসাদ যাদৱৰ লগতে বৃহৎ সংখ্যক আৰজেডি সমৰ্থকও সমবেত হয়। লালুপ্ৰসাদৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে উত্তাল কৰি তোলে তেওঁলোকে।

উল্লেখ্য যে লালুপ্ৰসাদ যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত মাটিৰ বিনিময়ত ৰে’লৰ চাকৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ৰে’ল মন্ত্ৰী হিচাপে লালু প্ৰসাদ যাদৱৰ কাৰ্যকালত এই দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে । 

লালুপ্ৰসাদ যাদৱৰ উপৰিও এই গোচৰৰ আন অভিযুক্ত হৈছে তেওঁৰ পত্নী ৰাবৰি দেৱী, কন্যা মিছা ভাৰতী, পুত্ৰ তেজস্বী যাদৱকে ধৰি আন ১৪ জন। এই ঘটনাত একেলগে চলি আছে চিবিআই আৰু ইডিৰ তদন্ত। ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত এই চিবিআইয়ে এফআইআৰ দাখিল কৰিছিল।

এই ঘটনা সন্দৰ্ভত আৰজেডিৰ সাংসদ মনোজ ঝাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে ৰাজনৈতিক প্ৰতিশোধ ল’বলৈ বিৰোধী ৰাজনৈতিক নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰি আছে। এয়া ইডিৰ জাননী নহয় বিজেপিৰ জাননী। আমাৰ একো ভয় নাই।