NORTHEAST NOW (Assamese)

লখিমপুৰৰ লালুকত ৬১ টা নিচাযুক্ত কফ চিৰাপসহ এজনক আটক

September 25, 2019 7:39 am · এন ই নাও নিউজ
Updated: September 25, 2019 7:50 am

লখিমপুৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত চলি থকা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যেই বহু লোকক আটক কৰাৰ লগতে বহু অবৈধ ঘাটিয়ো উৎখাত কৰিবলৈ সক্ষম হৈছে।

মঙলবাৰ অৰ্থাৎ ২৪ ছেপ্তেম্বৰত গোপন সূত্ৰৰ পমখেদি লালুক আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক অৰুণ ঘৰফলীয়া আৰু লালুক আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ সহযোগত ২নং কেহুতলিৰ পৰা বিয়লি আব্দুল হাই(২৭) নামৰ এজন যুৱকক আটক কৰে।

ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ৬১টা নিচাযুক্ত কফ চিৰাপৰ বটল জব্দ কৰে। ধৃত আব্দুল হাই দ’লহাট বিষ্ণুপুৰৰ আব্দুল জব্বৰৰ পুত্ৰ।

ৰাজ্যত স্বাস্থ্য বিভাগ তথা চৰকাৰে নিষিদ্ধ ঘোষণা কৰা এনে নিচাযুক্ত কফ চিৰাপৰ অবাধ বেহা চলাই থকা দুৰ্বৃত্তৰ  বিৰুদ্ধে তৎকালেই উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীক দাবী জনাইছে৷

Related News