NORTHEAST NOW (Assamese)

বিনাদোষে কাৰাবন্দী ২৮ টা বছৰ! অৱশেষত কাৰামুক্ত হ’ল লামাৰ

February 15, 2023 8:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 15, 2023 8:10 pm

এক হত্যাকাণ্ডৰ গোচৰত বিনাদোষত জীৱনৰ প্ৰায় ২৮ টা মূল্যৱান বছৰ কাৰাগাৰৰ ভিতৰত হেৰুৱালে এগৰাকী ব্যক্তিয়ে। উত্থাপিত অভিযোগ সদায়েই অস্বীকাৰ কৰি অহাৰ পিছতো ন্যায়ৰ পৰা বঞ্চিত হৈ অহা ব্যক্তিগৰাকীয়ে অৱশেষত মঙলবাৰে নিৰ্দোষ সাব্যস্ত হোৱাৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহে।

এই ব্যক্তিগৰাকীৰ নাম লামাৰ জনছন। ৫০ বৰ্ষীয় কৃষ্ণাঙ্গ ব্যক্তি লামাৰক মঙলবাৰে ছেইণ্ট লুইছৰ আদালতৰ ন্যায়াধীশ ডেভিদ মেছনে নিৰ্দোষী বুলি ৰায়দান কৰাৰ পিছত বিগত ২৮ বছৰৰ বন্দীত্বকালৰ অৱসান ঘটে।

শুনানি গ্ৰহণ কৰি আদালতৰ ন্যায়াধীশ ডেভিদ মেছনে দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে আৰু তেওঁলোকে নিজ ভাষ্যত জনছন নিৰ্দোষ বুলি স্পষ্ট আৰু বিশ্বাসযোগ্য প্ৰমাণ প্ৰদান কৰাৰ পিছত জনছন নিৰ্দোষী বুলি ৰায়দান কৰে।

উল্লেখ্য যে, ১৯৯৪ চনত মাৰ্কাছ বয়েড নামৰ এগৰাকী ব্যক্তিক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল লামাৰ জনছনক। সেই বৰ্ষৰে অক্টোবৰত জনছনৰ ঘৰৰ সন্মুখত দুই মুখাধাৰী আততায়ীয়ে মাৰ্কাছ বয়েডক গুলীয়াই হত্যা কৰিছিল।

আৰক্ষীয়ে হত্যাত জড়িত থকাৰ সন্দেহত জনছনক গ্ৰেপ্তাৰ কৰে। কিন্তু জনছনে আৰক্ষীৰ অভিযোগ নস্যাৎ কৰি নিজকে নিৰ্দোষী বুলি বাৰে বাৰে দাবী কৰে। এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত তেওঁ ঘৰত নাছিল বুলিও জনছনে উল্লেখ কৰিছিল যদিও তেওঁৰ ভাষ্য নাকচ কৰা হৈছিল।

অৱশ্যে এই গোচৰত অভিযুক্ত এগৰাকী কয়দীয়ে কেম্পবেল নামৰ আন এগৰাকী ব্যক্তিৰ সৈতে বয়েডক গুলীয়াইছিল বুলি স্বীকাৰ কৰে আৰু তেওঁৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেম্পবেলেও দোষ স্বীকাৰ কৰাৰ পিছত আদালতে সাত বছৰৰ কাৰাদণ্ড বিহে।

ইফালে মঙলবাৰে আদালতে জনছনক নিৰ্দোষী ঘোষণা কৰি ৰায়দান কৰাৰ পিছতে আবেগবিহ্বল হৈ পৰে জনছন। শুনানিৰ সময়ত উপস্থিত থকা তেওঁৰ সমৰ্থকসকলেও আদালত প্ৰাঙ্গণতে আদালতৰ ৰায়ক আদৰণি জনাই সুখ প্ৰকাশ কৰে।

আদালত কক্ষৰ পৰা ওলাই যোৱাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি লামাৰ জনছনে এই ৰায়ক অত্যন্ত সুখৰ ক্ষণ বুলি অভিহিত কৰে।

Related News