তিনি অনা-অসমীয়া বনিয়াক গুৱাহাটীৰ ৫৮ বিঘা মাটি পানীৰ দৰত গতালে মোদীৰ চৰকাৰে

ইটোৰ পিছত সিটোকৈ ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া মোদীৰ চৰকাৰে এইবাৰ অসমৰ মাটিও বহিৰাগত বনিকৰ হাতত তুলি দিবলৈ ওলাইছে।গুৱাহাটী মহানগৰীৰ প্ৰায় ৫৮ বিঘা মাটি চৰকাৰে অতি কৌশলেৰে তিনি জন বহিৰাগত বনিকক গতাই দিয়াৰ পৰিকল্পনা একপ্ৰকাৰ চূড়ান্ত কৰিছে। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য ভাৰতীয় ৰে’লৰ অধীনত থকা গুৱাহাটীৰ প্ৰায় ৫৮বিঘা মাটি প্ৰায় ১০০কোটি টকাৰ বিনিময়ত ৯৯বছৰৰ বাবে লীজত দিবলৈ ওলাইছে মোদীৰ চৰকাৰে।

মহানগৰীৰ গুৱাহাটী ক্লাৱৰ চি কে আগৰৱালা পথৰ উইনথ্ৰব হাস্পতালৰ প্ৰায় গাতে লাগি থকা ১৮ বিঘা মাটিৰ লগতে পল্টন বজাৰ ৰে’ল ষ্টেচনৰ কাষৰে আন ৪০বিঘা মাটিও লীজত দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে। ঋষি গুপ্তা, উত্তম বেৰিয়া, অৰুণ বাজাজ নামৰ তিনিজন অনা-অসমীয়া ব্যৱসায়ীক পানীৰ দৰতে এই বৃহৎ পৰিমাণৰ মাটি লীজ দিয়াৰ কথাই বহুতকে স্তম্ভিত কৰি তুলিছে।

গুৱাহাটী ক্লাৱৰ মাটি খিনিৰ বাবে ব্যৱসায়ী তিনিজনে ২২কোটি আৰু পল্টন বজাৰৰ মাটিৰ বাবে ৭৫কোটি টকা আদায় দিছে বুলি জানিব পৰা গৈছে ।

লক্ষ্যণীয় কথাটো হ’ল কেন্দ্ৰৰ প্ৰত্যক্ষ হস্তক্ষেপত এনেদৰে অসমৰ মাটি বহিৰাগত বনিক গতাই দিয়াৰ পিছতো জাতি-মাটি-ভেটিৰ কথা কোৱা ৰাজ্য চৰকাৰ খনৰ কোনো এগৰাকী মন্ত্ৰী-বিধায়কেই মুখেৰে টু শব্দ এটাও উচ্চাৰণ কৰা নাই।

দিল্লীৰ স্তাৱকৰ ৰূপত তেওঁলোকে এইক্ষেত্ৰত অৱলম্বন কৰিছে মাত্ৰ ৰহস্যজনক মৌনতা। দিল্লী-দিছপুৰৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে তিনি অনা-অসমীয়া বনিয়াই পানীৰ দৰত লাভ কৰা ভূমিত পূৰ্ণোদ্যমে আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য।

সকলো কথা চকুৰ আগতে ঘটি থকাৰ পিছতো কেৱল তধা লাগি চাই থাকিবলগীয়া হৈছে মুক জনতাই। জাতীয়তাবাদী দল-সংগঠন সমূহেও এনে কাৰ্যৰ প্ৰতিবাদ কৰাৰ বিপৰীতে মুখত পিঠা ভৰাই থকাহে পৰিলক্ষিত হৈছে।