বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a som

নতুনকৈ গঠন হোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত আজি ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ  কৰা হয়।

অনুষ্ঠানত জিলাখনৰ মুঠ ৮২২ গৰাকী লোকক ভূমি পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰা হয় ৷

এই উপলক্ষ্যে মুছলপুৰস্থ সাংস্কৃতিক ভৱনত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে।

তেওঁ কয় যে ২০-২৫ বছৰ আগৰে পৰাই অসম চৰকাৰে ভূমিহীনক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা হাতত লৈছিল যদিও বিটিচিৰ খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান কৰা হোৱা নাছিল ৷

এতিয়া চৰকাৰে সেইসকল ভূমিহীনক ভূমি পট্টা প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

আজি শিৱসাগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিপট্টা প্ৰদান কৰি আনুষ্ঠানিকতা পালন কৰে।

ইয়াৰ সমান্তৰালভাৱে বিটিচিতো ভূমি পট্টা প্ৰদান কৰিবলৈ লোৱা হয় ৷

আনহাতে যি সকল গাঁওত ভূমিহীন লোক আছে সকলোকে সহায় কৰাৰ বাবে আহ্বান জনায় উপ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ভাষণত কয়- কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভূমি নীতি পূৰ্বে বেলেগ আছিল আৰু বিটিচিৰ অন্য জিলাত বেলেগ আছিল ।

বিটিচিৰ নতুন পৰিষদীয় চৰকাৰখনে এতিয়া বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই আদৰণি ভাষণত কয়- ভাৰতৰ স্বাধীনতাৰ পিছতে বৰ্তমানৰ চৰকাৰে জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে যি নীতি গ্ৰহণ কৰিছে সেয়া বাস্তৱত ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠকে আঁত ধৰা আজিৰ এই ভূমি পট্টা বিতৰণ কাৰ্যসূচীত সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, মুছলপুৰ সমষ্টিৰ এমচিএলএ ৰাকেশ ব্ৰহ্ম আৰু জিলাখনৰ অন্তৰ্গত ৰাজহ চক্ৰ বিষয়াসকল উপস্থিত থাকে ।