• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্মানীয় “ভাড়াতীয়া”লৈ আশাৰে ৰৈ আছে গুৱাহাটীৰ এটা পৰিয়াল; চাফ-চিকুণ কৰি ৰাখিছে ভাড়াঘৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 22, 2019 9:07 pm
Manmohan Singh's residence guwahat

ফাইল ফটো: উৎস : the Tribune.

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ সৰু মটৰীয়াত থকা এই ভাড়াঘৰটো প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পৰিয়ালৰ। ঘৰটোৰ ভাড়াতীয়া হ’ল প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং।

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দিন কাইলৈ, অৰ্থাৎ ২৩ এপ্ৰিলত ভোট দিবলৈ গুৱাহাটীলৈ সপত্নীক আহিব প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং। মহানগৰখনৰ সৰু মটৰীয়াৰ ভোটাৰ তালিকাত নাম আছে প্ৰাক্তন প্ৰধান মন্ত্ৰীজনৰ।

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহাৰ সুযোগতে বহু দিনৰ মূৰত নিজৰ ভাড়াঘৰটোত এপাক সোমাই যাব ড০ সিং আৰু তেওঁৰ পত্নী। গুৱাহাটীৰ সৰুমটৰীয়াৰ নন্দন নগৰত থকা ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ বাসগৃহৰ এটা অংশ ১৯৯৪ চনৰ পৰাই ভাড়াত লৈ আছে ড০ সিঙে।

গতিকে সন্মানীয় আৰু আকাংক্ষিত ভাড়াতীয়াগৰাকী আৰু তেওঁৰ পত্নীক আদৰিবলৈ মালিকে ভাড়াঘৰটো চাফ-চিকুণ কৰাইছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰীজন আৰু তেওঁৰ পত্নীয়ে কাষৰে দিচপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰটোত ভোটদান কৰি আহিছে। ভোটাৰ তালিকাত তেওঁ ক্ৰমিক নম্বৰ ৬২৩ আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰৰ ক্ৰমিক নম্বৰ ৬২৪।

১৯৯১ চনৰ পৰা অসমৰ ৰাজ্যসভাৰ সাংসদ হৈ থকা মনমোহন সিঙে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাতো নন্দন নগৰত থকা এই ঘৰটোৰ ঠিকনাই ব্যৱহাৰ কৰে।

কাইলৈ ভোটদানৰ পাছতেই দুয়ো ভাড়াঘৰটোলৈ যাব বাবে চাফ-চিকুণ কৰাৰ উপৰি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

ইপিনে ভাড়াতীয়া তথা প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকী আহিব বুলি জানি আনন্দিত ঘৰৰ মালিক হেমপ্ৰভা শইকীয়া।

“ড০ মনমোহন সিঙে ভোট দিবলৈ আহি ইয়াত সোমাব বুলি আমাক জানিবলৈ দিছে। ইয়াৰ আগতেও ভোট দিবলৈ আহি ইয়াত তেওঁ সোমাই গৈছিল, কিন্তু সেই সময়ত আমি ঘৰত নাছিলো। এইবাৰ আমি ইয়াতেই থাকিম। গতিকে তেওঁক লগ পাম”, হেমপ্ৰভা শইকীয়াই কয়।

আৰম্ভণিৰে পৰা ঘৰটোৰ ভাড়া ৮,৪০০ টকাই হৈ আছে বুলি আমাক ঘৰটোৰ গৰাকী প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াই জানিবলৈ দিছে। তেওঁ জনায় যে ঘৰৰ ভাড়া নিবিচাৰে যদিও ড০ সিঙে নিজেই পঠিয়াই দিয়ে।

মনমোহন সিং আহিব বাবেই তেওঁৰ ভাড়াঘৰৰ উপৰি ভোটদান কৰিব লগীয়া দিচপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটদান কেন্দ্ৰটোতো নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd