• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বায়ু সেনাৰ ৩২ গৰাকী প্ৰাক্তন মহিলা বিষয়াৰ নৈতিক বিজয়: লাভ কৰিব সম্পূৰ্ণ পেঞ্চন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2022 9:40 am
32 Former Women Air Force Officers
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ১২ বছৰ ধৰি চলি থকা ন্যায়িক যুঁজৰ অন্তত বুধবাৰে নৈতিক বিজয় সাব্যস্ত কৰিছে বায়ু সেনাৰ ৩২ গৰাকী মহিলা বিষয়াই। বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ে প্ৰাক্তন মহিলা বিষয়া কেইগৰাকীৰ দাবীক স্বীকৃতি প্ৰদান কৰিছে।

গোচৰৰ ৰায় প্ৰদান কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে যদিও এই মহিলা বিষয়াসকলে ৫ বছৰৰ বাবে বায়ু সেনাত সেৱা আগবঢ়াইছে, তেওঁলোক সম্পূৰ্ণ পেঞ্চনৰ অধিকাৰী। আদালতে লগতে উল্লেখ কৰে যে এই মহিলা বিষয়াসকলৰ সেৱা ২০ বছৰৰ সেৱাৰ সমপৰ্যায়ৰ আৰু সেয়ে তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।

আদালতে মহিলা বিষয়াসকলে দীৰ্ঘদিন ধৰি চলাই অহা ন্যায়িক যুঁজক যুক্তিসংগত আৰু ন্যায়সঙ্গত আখ্যা দিয়ে আৰু কয় যে বয়স সীমা অতিক্ৰম কৰাৰ বাবে অৱসৰপ্ৰাপ্ত মহিলা বিষয়াসকলক পুনৰ সেৱাত নিযুক্তি দিব নোৱাৰি, কিন্তু তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।

উল্লেখ্য যে এই মহিলা বিষয়াসকলক বায়ু সেনাত পাঁচ বছৰীয়া চমু সেৱা আয়োগৰ অধীনত বাছনি কৰা হৈছিল। কিন্তু বিষয়াসকলে তেওঁলোকৰ সেৱাৰ ম্যাদ বৃদ্ধি কৰিবলৈ দাবী জনাইছিল।

কিন্তু তেওঁলোকৰ এই দাবীৰ পিছতো সেৱাৰ ম্যাদ সম্প্ৰসাৰিত কৰা হোৱা নাছিল আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছিল। ইয়াৰ বিৰুদ্ধাচৰণ কৰি মহিলা বিষয়া কেইগৰাকী দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

অৱশেষত ১২ বছৰ ধৰি চলি থকা আইনী যুঁজৰ অন্তত কালি আদালতে মহিলা বিষয়া কেইগৰাকীৰ পক্ষত গোচৰৰ ৰায় প্ৰদান কৰে। ৰায় প্ৰদানৰ সময়ত উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ ২০২০ বৰ্ষৰ ববিতা পুনিয়াৰ আদেশৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে ২০২২ বৰ্ষৰ এই ববিতা পুনিয়াৰ আদেশে সেনাবাহিনীত মহিলাসকলৰ বাবে বৈষম্যমূলক নিযুক্তি প্ৰথাৰ দিশটোক আঙুলিয়াই দিছিল। সেনাবাহিনীৰ মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য পদৰ পৰা বাদ বঞ্চিত কৰা হৈছে বুলি এই আদেশে কঠোৰ সমালোচনা কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে সেনাবাহিনীত মহিলা বিষয়াসকলৰ পদমৰ্যাদা আৰু দৰমহা বৃদ্ধিৰ পথ প্ৰশস্ত কৰিছিল। এই নিৰ্দেশৰ পিছতে পূৰ্বৰ ১০ ৰ পৰা ১৪ বছৰৰ সীমাৰ বিপৰীতে মহিলা বিষয়াসকলে সম্পূৰ্ণ কেৰিয়াৰ সেৱা আগবঢ়োৱাৰ বিকল্প পথ লাভ কৰিছিল।

উল্লেখ্য যে, নিজৰ অধিকাৰৰ প্ৰসঙ্গত যুঁজ চলাই যোৱা এই মহিলা বিষয়াসকলৰ ভিতৰত ৩ গৰাকী বায়ু সেনাৰ প্ৰাক্তন বিষয়াৰ পত্নী। এই বিষয়াসকল দেশৰ সেৱাত শ্বহীদ হোৱাৰ পিছত তেওঁলোকৰ পত্নীক নিয়ম অনুসৰি বায়ু সেনাত নিযুক্তি দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd