ভয়াৱহ ভৱিষ্যতৰ অশনি সংকেত! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনে সৃষ্টি কৰিছে আতংকৰ

Landslides at Subansiri project

ক্ৰমাৎ এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই। প্ৰকল্পস্থলীত সৃষ্টি হোৱা ধাৰাবাহিক ভূমিস্খলনে উজনি অসমৰ জনসাধাৰণক আতংকিত কৰি ৰখাৰ সময়তে আজি পুনৰ ভয়াৱহ ভূমিস্খলনৰ সৃষ্টি হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত।

বিগত কিছুদিন ধৰি প্ৰবল বৰষুণৰ লগতে ধাৰাবাহিকভাৱে হৈ থকা ভূমিস্খলনে শংকিত কৰি তুলিছে উত্তৰ অসমৰ জনসাধাৰণক। নিৰ্মীয়মান এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এক বিধ্বংসী জলবোমাৰ ৰূপ লোৱাৰ অধিকমাত্ৰা সম্ভাৱনাৰ দোহাই দি নিৰ্মাণ বন্ধ কৰাৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহা হৈছে যদিও কাণসাৰ কৰা নাই চৰকাৰ আৰু এন এইচ পি চি- এ।

চৰকাৰ আৰু এন এইচ পি চি- ৰ এই দম্ভৰ সময়তে প্ৰকৃতিৰ তাণ্ডৱে ভয়াৱহ ৰূপ লৈছে প্ৰকল্পস্থলীত। জলবিদ্যুৎ প্ৰকল্পত যোৱা কিছুদিন ধৰে হৰহৰকৈ খহিছে পাহাৰৰ মাটি। এই ভয়াৱহ দুৰ্যোগত আতংকিত হৈ পৰিছে উত্তৰ অসম। কেৱল সাধাৰণ লোকেই নহয়, পাহাৰৰ মাটি খহি পৰাৰ পাছতে নিৰ্মীয়মান বান্ধটোৰ কামকাজ সাময়িকভাৱে বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে NHPCৰ কৰ্তৃপক্ষ।

প্ৰকৃতিৰ ক্ৰোধৰ ফলত ইতিমধ্যে দুটা ডাইভাৰ্চন টানেল ক্ষতিগ্ৰস্ত হৈছে আৰু সুবানশিৰি নদীৰ সোঁফালৰ পাৰৰ পৰা মূল বান্ধলৈ সংযোগী পথটো ধ্বংস হৈছে। সোৱণশিৰি নদীৰ পানীৰ স্তৰ বৃদ্ধিয়ে ইতিমধ্যে লখিমপুৰ জিলাৰ এক বিশাল এলেকা প্লাবিত কৰিছে।

প্ৰকল্পস্থলীত ধাৰাবাহিকভাৱে হৈ থকা ভূমিস্খলনে এতিয়া নিদ্ৰা হৰণ কৰিছে লখিমপুৰ-ধেমাজিবাসীৰ লগতে মাজুলীৰ ৰাইজৰ৷ উল্লেখ্যে যে, ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম এই ১১৬ মিটাৰ উচ্চতাৰ বৃহৎ নদীবান্ধ যদিহে ভাগি পৰে, উত্তৰ অসমৰ চাৰিখন জিলা নিঃচিহ্ন হৈ পৰিব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছিল।

কিন্তু বিশেষজ্ঞৰ মত আওকাণ কৰি তথা অসমৰ জনসাধাৰণৰ প্ৰতিবাদক ভেঙুচালি কৰি দাম্ভিক চৰকাৰ আৰু এন এইচ পি চি- এ সোৱণশিৰিৰ বক্ষত চলাই গৈছে জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণৰ কাম। চৰকাৰ তথা এন এইচ পি চি- ৰ এই দম্ভৰ ফলত এতিয়া এক আতংকময় ভৱিষ্যতৰ আশংকাত দিন কটাবলগীয়া হৈছে উত্তৰ অসমৰ জনসাধাৰণে।