NORTHEAST NOW (Assamese)

উত্তৰাখণ্ড, হিমাচলত বৰষুণৰ ফলত ভূমিস্খলন; কেদাৰনাথত আবদ্ধ প্ৰায় ২ হাজাৰ তীৰ্থযাত্ৰী

August 2, 2024 11:52 am · এন ই নাও নিউজ, গুৱাহাটী

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে উত্তৰাখণ্ডৰ কেদাৰনাথত দুদিন ধৰি তীৰ্থযাত্ৰা বন্ধ কৰি দিয়ে প্ৰশাসনে। সেনাই সাহায্য আৰু উদ্ধাৰ অভিযানত নামি পৰে। আগন্তুক ৪৮ ঘণ্টাত আৰু অধিক ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ৭২টা দলে একেলগে উদ্ধাৰ অভিযান চলাই আছে।

উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত বৰ্তমানলৈকে হৰিদ্বাৰ, ডেৰাডুন, তেহৰী, ৰুদ্ৰপ্ৰয়াগ, নাইনিতালকে ধৰি বৰষুণৰ ফলত ৩৩ জন লোকৰ মৃত্যু হৈছে। শেহতীয়া খবৰ অনুসৰি আন ৫০ জন লোক সন্ধানহীন হৈ আছে। সূত্ৰ অনুসৰি বুধবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেদাৰৰ লিঞ্চোলি আৰু ভীমবালিৰ মাজৰ খোজকাঢ়ি যোৱা পথত আবদ্ধ হৈ পৰে প্ৰায় ২০০০ তীৰ্থযাত্ৰী। আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক নিৰাপদ স্থানলৈ অনাৰ বাবে বায়ুসেনাৰ চিনুক আৰু মি-১৭ হেলিকপ্টাৰ নিয়োগ কৰা হয়।

এই পৰ্যন্ত ৪৫০ জন লোকক সোণপ্ৰয়াগলৈ অনা সম্ভৱ হৈছে। বতৰ বিজ্ঞান বিভাগে আজি অৰ্থাৎ শুকুৰবাৰে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে।তদাৰকী আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বতৰৰ সতৰ্কবাণীৰ বাবে কেদাৰনাথৰ পথত তীক্ষ্ণ নজৰ ৰখা হৈছে। কাৰণ, এনেকৈয়ে যদি বৰষুণ চলি থাকে, ভূমিস্খলন, বান নামি আহিব পাৰে। নদীৰ পাৰৰ অঞ্চলৰ লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আগতীয়াকৈ সকীয়াই দিয়া হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পোনপটীয়া যোগাযোগ ৰাজ্য চৰকাৰৰ সৈতে। নদীবোৰ বৰষুণৰ পানীৰে উপচি পৰাৰ ফলত বানপানীৰ সৃষ্টি হ’ব পাৰে। আৰু যদি তেনেকুৱা হয় তেন্তে পাহাৰত ব্যাপক ভূমিস্খলন হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

শুকুৰবাৰে পুৱালৈকে হিমাচলত মৃত্যুৰ সংখ্যা ৭লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে আজি ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিব পাৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি আকাশমাৰ্গেৰে ক্ষতিগ্ৰস্ত অঞ্চল কেদাৰ পৰিদৰ্শন কৰে। হিমাচলত শিমলাৰ পৰা ৩টা, মাণ্ডীৰ পৰা ৩টা আৰু কুল্লুৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। কুলুৰ এটা মথাউৰিৰ অৱস্থা বেয়া যদিও বৰ্তমানলৈ পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

Related News