বোকাখাতত ব্যৱসায়ীৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নগদ ধন জব্দ

এক গোপন সূত্ৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে আজি বিয়লি বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ কদ্মা কালোৱাৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে গুটখা জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে কদ্মা কালোৱাৰৰ ঘৰত বৃহৎ পৰিমাণৰ গুটখা লুকুৱাই থকাৰ তথ্য লাভ কৰি বোকাখাতৰ আৰক্ষীয়ে  দণ্ডাধীশৰ উপস্থিতিত ব্যক্তি গৰাকীৰ বাসগৃহত আজি বিয়লি অভিযান চলায়।

আৰক্ষীৰ অভিযানৰ সময়ত গুটখাৰ লগতে ঘৰৰ চ’ফা, বিছনাৰ তলত, গডৰেজত বৃহৎ পৰিমাণৰ নগদ ধন প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে দণ্ডাধীশৰ লগতে আভিযানকাৰী দলটো। দণ্ডাধীশৰ উপস্থিতিতে আৰক্ষীয়ে তৎক্ষণিকভাৱে নগদ ধন সমূহ জব্দ কৰে।

পাছত দুটা টকা গণনা কৰা মেছিন লৈ প্ৰায় ৩ ঘন্টা সময় গণনা কৰাৰ পিছত ব্যৱসায়ীজনৰ ঘৰৰ পৰা ১৮ লাখ ৬১ হাজাৰ ২২০ টকা জব্দ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

সম্প্ৰতি ব্যৱসায়ীজনক আটক কৰি আৰক্ষীয়ে বৃহৎ পৰিমানৰ ধনৰ উৎসৰ সন্ধানত জেৰা চলাই আছে।