মহানগৰীৰ ঐতিহাসিক দীঘলী পুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু; কিয় এনেদৰে মৰিছে মাছবোৰ?

Fish dying in Dighalipoukhuri

ফটো: নৰ্থইষ্ট নাও।

মহানগৰীৰ দীঘলী পুখুৰীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

দেওবাৰে পানীত ওপঙি আছে মৃত্যু হোৱা শ-শ মাছ।

পানীত বিষক্ৰিয়া হোৱাৰ ফলতেই এইদৰে মাছৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

দীৰ্ঘদিন ধৰি দীঘলী পুখুৰীটো চাফা নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

লেতেৰা জাৱৰ-জোথৰ জংঘলৰে ভৰি পৰিছে দীঘলী পুখুৰীতো।

ইয়াৰ ফলত পানীত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ সন্দেহ কৰা হৈছে।

ঐতিহাসিক পুখুৰীটোত এনেদৰে শ-শ মাছৰ অস্বাভাৱিক মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।